SBI নে ডাকঘৰ, FD ৰ ওপৰত কোনে বেছি সুত দিয়ে? সবিশেষ জানক
ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডৰ এই যুগতো দেশৰ অধিকাংশ লোকেই এতিয়াও ফিক্সড ডিপোজিত তথা এফ ডিক বিনিয়োগৰ সৰ্বোত্তম আৰু নিৰাপদ উপায় হিচাপে গণ্য কৰে। মাহৰ পিছত মাহ ধৰি ভাৰতীয় শ্বেয়াৰ বজাৰৰ তীব্ৰ পতনে সাধাৰণ বিনিয়োগকাৰীৰ বাবে চিন্তাৰ কাৰক হৈ পৰিছে।
এনে পৰিস্থিতিত বজাৰৰ প্ৰতি মোহভংগ হোৱা বিনিয়োগকাৰীসকলে পুনৰবাৰ বেংকৰ এফ ডিৰ ফালে ঘূৰি আহিছে। দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বেংকৰ লগতে ডাকঘৰেও গ্ৰাহকক এফ ডিৰ ওপৰত বিপুল সুত আগবঢ়াইছে। কিন্তু ভাৰতীয় ষ্টেট বেংক (এছ বি আই) আৰু ডাকঘৰৰ ভিতৰত কোনে ফিক্সড ডিপ’জিটৰ ওপৰত অধিক সুত দিয়ে।
ভাৰতীয় ষ্টেট বেংক দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক। এই বেংকে গ্ৰাহকক এফ ডিৰ ৩.৫০ শতাংশৰ পৰা ৭.২৫ শতাংশলৈকে সুত দিয়ে। এছবিআইয়ে গ্ৰাহকক ১ বছৰৰ এফডিত ৬.৮০ শতাংশ, ২ বছৰৰ এফডিত ৭.০০ শতাংশ, ৩ বছৰৰ এফডিত ৬.৭৫ শতাংশ, ৪ বছৰৰ এফডিত ৬.৭৫ শতাংশ আৰু ৫ বছৰৰ এফডিত ৬.৫০ শতাংশ সুত আগবঢ়াইছে। এই সকলোবোৰ এফ ডি আঁচনিৰ ওপৰত ৬০ বছৰৰ ওপৰৰ লোকক এছ বি আইয়ে ০.৫০% অতিৰিক্ত সুত দিয়ে।
বেংকৰ দৰে ডাকঘৰেও নিজৰ গ্ৰাহকক এফ ডি একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰে। ডাকঘৰত এফ ডিক টাইম ডিপজিট অৰ্থাৎ টি ডি বুলি জনা যায়। ডাকঘৰত নূন্যতম ১ বছৰ আৰু সৰ্বাধিক ৫ বছৰৰ বাবে টিডি কৰিব পাৰিব। ডাকঘৰে ১ বছৰৰ টিডিত ৬.৯ শতাংশ, ২ বছৰৰ টিডিত ৭.০ শতাংশ, ৩ বছৰৰ টিডিত ৭.১ শতাংশ আৰু ৫ বছৰৰ টিডিত ৭.৫ শতাংশ সুত আগবঢ়াইছে। কিন্তু বেংকৰ দৰে ডাকঘৰে জ্যেষ্ঠ নাগৰিকক কোনো অতিৰিক্ত সুত প্ৰদান নকপে। ডাকঘৰত সকলোকে সমান সুদ দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ