ডিজিটেল ডেস্কঃ স্বামী নমৰিল, শেষত বাধ্য হৈ সামাজিক মাধ্যমত পত্নীয়ে দিছে কফিন বিক্ৰীৰ বিজ্ঞাপন৷ পত্নীয়ে ভাবিছিল স্বামীৰ আয়ুস টুটি আহিছে৷ অচিৰেই এই পৃথিৱীৰ পৰা বিদায় ল’ব স্বামীয়ে৷ সেই চিন্তাৰেই পত্নীয়ে স্বামীৰ বাবে ক্ৰয় কৰিছিল এটা বিশেষ কফিন৷ কিন্তু পত্নীৰ চিন্তাৰ বিপৰীতে দিনকদিনে সুস্থ হৈ উঠিছে স্বামী৷ নিজে কৰা অনুমান মিছা হোৱাত হতাশ হৈ পত্নীয়ে দিছে বিশেষ বিজ্ঞাপনটো৷
প্ৰকাশিত খবৰ অনুসৰি স্কটলেণ্ডৰ বাসিন্দা মাৰ্গাৰেট ষ্টেবলছে সামাজিক মাধ্যমত লিখিছে বিশেষ পষ্টটো৷ মাৰ্গাৰেটে লিখিছে- এটা নুন কফিন বিক্ৰী কৰিম৷ স্বামীৰ বাবে কিনিছিলো, মই ভাৱিছিলো তেওঁ আৰু বেছিদিন জীয়াই নাথাকে৷ কিন্তু তেওঁ এতিয়া দিনকদিনে সুস্থ হৈ আহিছে, যাৰবাবে আমাক আৰু কফিনটোৰ প্ৰয়োজন নাই৷ ঘৰত কফিনটোৱে বহু ঠাই অধিকাৰ কৰি আছে৷’ মাৰ্গাৰেটে আৰু লিখিছে, ‘কফিনটো বিক্ৰী কৰিলে তাৰ মাজত গাৰু দিয়া নহ’ব৷ কিয়নো কফিনৰ সৈতে কিনা গাৰুটোত এতিয়া আমাৰ কুকুৰ শুৱে৷’
স্বামীক লৈ সামাজিক মাধ্যমত পত্নীৰ এনেধৰণৰ বিজ্ঞাপন নতুন নহয়৷ ইয়াৰ পূৰ্বেও এগৰাকী মহিলাই স্বামীক লৈ দিছিল বিশেষ বিজ্ঞাপন৷ বিজ্ঞাপনটোত পত্নীয়ে লিখিছিল, ‘ স্বামী লাগিব নেকি? উচ্চতা ৬ ফুট ১ ইঞ্চি, বয়স ৩৭ বছৰ৷ গাৰ ৰং বগা, পেছাত মাংস বেপাৰী৷’ নিলামৰ ৱেবচাইটত এই বিজ্ঞাপন দি ভাইৰেল হৈছিল লিণ্ডা মেকলিষ্টাৰ নামৰ মহিলাগৰাকী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ