আমি টোপনিৰ পৰা উঠি কিছু সামগ্ৰী দেখা পালে দিনটো ভালকৈ পাৰ হয় বুলি লোকবিশ্বাস৷ দিনটোত কোনো কামত যাতে সমস্যা নহয় সেইকথা ভাৱিয়েই পুৱাই কোনো বেয়া সামগ্ৰী চাব নিবিচৰাটো এক লোকবিশ্বাসেই৷ কথাতেই কয়, দিনটোৰ যদি আৰম্ভণি ভাল হয় তেন্তে দিনটো ভালকৈ পাৰ হয়৷ পুৱাই যদি আমি কোনো বেয়া খবৰ পাওঁ তেন্তে দিনটোৱেই নষ্ট হৈ যায় বুলি বহুতেই কয়৷ জানি থওক শাস্ত্ৰ অনুসৰি পুৱা টোপনি ভঙাৰ পাছত কি কি সামগ্ৰী দেখাটো অশুভ৷
আয়নাত নিজৰ প্ৰতিবিম্ব
পুৱাই বিচনাৰ পৰা উঠি আয়নাত নিজৰ মুখখন চোৱাৰ অভ্যাস বহুতৰেই আছে৷ কিন্তু জ্যোতিষবিদে জনোৱা অনুসৰি এই অভ্যাস একেবাৰেই বেয়া অভ্যাস৷ পুৱাই টোপনিৰ পৰা উঠি নিজৰ মুখৰ প্ৰতিবিম্ব চোৱাটো অশুভ লক্ষণ৷ মুখ হাত নুধুৱাকৈ বাহি মুখেৰে আয়নাত নিজৰ প্ৰতিবিম্ব নাচাব৷ এনেকৈ চোৱাটোৱে অশুভ প্ৰভাৱ কঢ়িয়াই আনে৷
নিজৰ ছায়া চোৱা
পুৱাই উঠি আয়না চোৱাটো যেনেকৈ বেয়া লক্ষণ তেনেকৈ পুৱাই নিজৰ ছায়া চোৱাটোও বেয়া অভ্যাস৷ জ্যোতিষশাস্ত্ৰ অনুসৰি পুৱা টোপনিৰ পৰা উঠি নিজৰ ছায়া দেখিলে তাৰ অশুভ প্ৰভাৱ আমাৰ জীৱনত পৰে৷ কেৱল নিজৰ ছায়া চোৱাটোৱেই নহয়, টোপনিৰ পৰা ওঠাৰ পাছত অন্য কাৰোৰে ছায়া চোৱাটো ঠিক নহয়৷ ইয়াৰ ফলত আপুনি কামত বাৰে বাৰে বাধাৰ মুখত পৰে৷ সকলো কামতেই আপোনাৰ ব্যৰ্থতা আহে৷
ভঙা মূৰ্তি দেখা
শাস্ত্ৰ অনুসৰি পুৱাই টোপনিৰ পৰা উঠাৰ পাছত ভঙা মূৰ্তি চোৱাটো কাৰোৰে বাবেই শুভ নহয়৷ সেয়ে ঘৰত ভঙা মূৰ্তি নাৰাখিব৷ ইয়াৰ ফলত আপুনি সমগ্ৰ দিনটোৱেই সমস্যাৰ মুখত পৰিব৷ বাস্তুশাস্ত্ৰই কৈছে যে ঘৰত কোনো ভঙা মূৰ্তি থাকিলে সেয়া এৰাই চলক৷ নহ’লে মূৰ্তি আপোনাৰ ক্ষতিৰ কাৰণ হৈ উঠিব৷
নিশাৰ বাহী বাচন
নিশাই খাদ্য খাই বাহি বাচন পেলাই থোৱাৰ অভ্যাস নেকি? যদি সেই অভ্যাস আছে তেন্তে পুৱা টোপনিৰ পৰা উঠিয়েই সেই কাম নকৰিব৷ যদি সম্ভৱ হয় নিশা খাদ্য খাই সেই প্লেট বা কাঁহী ধুই ৰখাৰ অভ্যাসেই গঢ়ি তুলিব৷ জ্যোতিষ অনুসৰি পুৱা টোপনিৰ পৰা উঠি বাহী বাচন দেখাটো একেবাৰে অশুভ৷ ইয়াৰ ফলত মা লক্ষ্মীৰ ৰোষত পৰিব আপুনি৷ মা লক্ষ্মী ৰুষ্ট হ’লে আৰ্থিক সংকটৰ মুখত পৰিব পাৰে আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ