অসম লাইভ২৪ঃ পাকিস্তানৰ বোৱাৰী সীমা হাইদৰ আৰু গ্ৰেটাৰ নয়ডাৰ শচীন মীনাৰ প্ৰেম কাহিনীয়ে দেশজুৰি আজিও চৰ্চাত। নেপালেৰে পাকিস্তানৰ পৰা ভাৰতলৈ ৪সন্তানসহিতে প্ৰৱেশ কৰা সীমা হাইদৰে ভাৰতৰ নিৰাপত্তা ব্যৱস্থাক যেন বুঢ়া আঙুলিহে দেখুৱালে। সীমাৰ প্ৰৱেশে ভাৰতীয় নিৰাপত্তা ব্যৱস্থাৰ দুৰ্বলতাকেই যেন প্ৰমাণ কৰি দেখুৱাইছে। একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে পাকিস্তানৰ পৰা সীমাৰ পৰিয়ালৰ সকলো তথ্য পোহৰলৈ আনিছে। সীমাক পাকিস্তানত নিষিদ্ধ কৰাৰ কথাও শেহতীয়াকৈ পোহৰলৈ আহিছে। পাকিস্তানত থকা সীমাৰ আত্মীয়ই জনাইছে যে কোনো কাৰণতে সীমাই যাতে পাকিস্তানৰ মাটিত ভৰি নিদিয়ে।
পৰিয়ালৰ লোকে কি কয়?
একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ তথ্যমতে পাকিস্তানত সীমাই গোলাম হাইদৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পাছতেই ৪সন্তানো হয় গোলাম আৰু সীমাৰ। গোলামে ধন উপাৰ্জন কৰিবৰ বাবে ছৌদী আৰৱলৈ যায়। বিগত প্ৰায় ৪ বছৰ ধৰি গোলাম ছৌদি আৰৱত আছে। শেহতীয়াকৈ গোলামৰ পৰিয়ালে সীমা হাইদৰক তেওঁলোকৰ পৰিয়ালত আৰু গ্ৰহণ নকৰে বুলি জনাইছে। তেওঁলোকৰ মতে সীমাই এতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। সেয়ে সীমাক আৰু পাকিস্তানত গ্ৰহণ কৰিব নোৱাৰি। সীমাৰ পৰিয়াল আৰু চুবুৰীয়াৰ মতে এগৰাকী ধৰ্মান্তৰিত নাৰীক তেওঁলোকে আৰু পাকিস্তানত কোনো কাৰণতে গ্ৰহণ নকৰে। যদি ইচ্ছা কৰে সীমাই ৪সন্তানক পাকিস্তানলৈ পঠিয়াই দিব পাৰে। সন্তান কেইটাক গ্ৰহণ কৰাত আপত্তি নাই সীমাৰ পূৰ্বৰ স্বামীৰ পৰিয়ালৰ।
১৩০০ কিঃমিঃ দূৰত্ব কেনেকৈ অতিক্ৰম কৰিলে সীমাই?
সূত্ৰৰ খবৰ অনুসৰি গ্ৰেটাৰ নয়ডাৰ ৰবুপুৰা গাওঁত বাস কৰা শচীন আৰু পাকিস্তানৰ কৰাচীৰ বোৱাৰী সীমা গোলামে ২০১৯ চনতেই পৰিচিত হৈছিল। পাবজীৰ মাধ্যমেৰে দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠিছিল। ইয়াৰপাছতেই দুয়োৱে ফোনযোগে সম্পৰ্ক ৰাখে। সীমা আৰু শচীনে পূৰ্বেও নেপালত মিলিত হৈছিল। ইয়াৰপাছতেই সীমাই জুন মাহত পাকিস্তানৰ পৰা নেপালৰ ৰাস্তাৰে ভাৰতত প্ৰৱেশ কৰিছে। এই যাত্ৰাত তেওঁ ১৩০০ কিঃমিঃ পথ যাত্ৰা কৰিছে।
৪জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সীমাক
সীমাই জুনমাহতেই পলাই আহি নেপালত শচীনৰ সৈতে হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয়। তাৰপাছতেই ৪সন্তানক লগত লৈ নেপালৰ পৰা গোপন ৰাস্তাৰে ভাৰতত প্ৰৱেশ কৰে। নেপালৰ পৰা ভাৰতৰ মাটিত প্ৰৱেশ কৰাৰ পাছতেই আৰক্ষীয়ে ৪জুলাইত সীমাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হয় সীমাৰ পতি শচীন আৰু শচীনৰ পিতৃও। কিন্তু গ্ৰেপ্তাৰৰ প্ৰায় ১৫ দিন পাছতেই সীমা আৰু শচীনক মুকলি কৰি দিয়ে আৰক্ষীয়ে। সীমা শচীনক আৰক্ষীয়ে এৰি দিবলৈ বাধ্য হোৱাৰ মূলতেই হৈছে শচীনৰ চুবুৰীয়া। তেওঁলোকে বোৱাৰী হিচাপে সীমাক লৈ খুবেই সুখী। তেঁঁওলোকেই বাৰে বাৰে আৱেদন জনাই যে সীমা-শচীনক আৰক্ষীয়ে মুকলি কৰি দিব লাগে। গাওঁবাসীৰ আবেদনৰ ভিত্তিতেই আৰক্ষীয়ে এৰি দিয়ে সীমা-শচীনক।
অশিক্ষিত সীমাই কেনেকৈ তিনিদেশ অতিক্ৰম কৰিলে?
সূত্ৰৰ খবৰ অনুসৰি সীমাৰ পঢ়া-শুনা তেনেই কম। অশিক্ষিত সীমাই ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ সাহস কেনেকৈ কৰিলে এই বিষয়টোক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছে। সীমাৰ বিদেশত কৰ্মৰত স্বামী গোলামক এৰি সাধাৰণ দিনহাজিৰা কৰি থকা শচীনৰ প্ৰতি কিয় ইমান আগ্ৰহী হৈ উঠিল সীমা সেই লৈয়ো উত্থাপিত হৈছে প্ৰশ্ন। তদন্তত পোহৰলৈ অহামতে সীমাই যিখন গাঁৱত বাস কৰি সেইখন গাঁৱত মহিলাসকলে খুব কষ্টেৰে জীৱন অতিবাহিত কৰে।
পাকিস্তানত খুব কষ্টকৰ জীৱন কটাইছিল নেকি সীমাই?
পাকিস্তানৰ যি এলেকাত সীমাৰ ঘৰ সেই স্থানৰ অৱস্থা তেনেই তথৈবচ। গাঁৱবাসীৰ জীৱনযাপনো খুব কষ্টকৰ। বিশেষকৈ মহিলাসকলক সেই স্থানত খুবেই অত্যাচাৰ চলোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ