অৱসৰ গ্ৰহণৰ পাছত নিৰাপদ আৰু স্থিতিশীল আয়ৰ উৎস বিচাৰে প্ৰায়সংখ্যক প্ৰবীণ নাগৰিকে৷ পোষ্ট অফিচ প্ৰবীণ নাগৰিক সঞ্চয় প্ৰকল্পৰ পৰা উপকৃত হব পাৰে৷ চৰকাৰ সমৰ্থিক এই প্ৰকল্পটোৱে বিনিয়োগৰ সম্পূৰ্ণ নিৰাপত্তাৰ নিশ্চয়তা দিয়ে৷ ২০,০০০ টকাতকৈ বেছি নিৰ্দিষ্ট মাহিলী ৰিটাৰ্ণ প্ৰদান কৰে৷ এছ চি এছ এছ ৬০ বছৰ বা তাতকৈ বেছি বয়সীয়া প্ৰবীণ নাগৰিকৰ বাবে উপলব্ধ৷ ইয়াৰোপৰি ৫৫ৰ পৰা ৬০ বছৰ বয়সীয়া অৱসৰ গ্ৰহণকাৰী ব্যক্তিয়ে অৱসৰ গ্ৰহণৰ এমাহৰ ভিতৰত এই প্ৰকল্প খুলিব পাৰে৷ যিয়ে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে তেওঁলোকেও এই প্ৰকল্পত ধন বিনিয়োগ কৰিব পাৰে৷
এই প্ৰকল্পত একক একাউণ্টৰ বাবে ৩০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷ স্বামী আৰু স্ত্ৰীৰ সৈতে যৌথ একাউণ্টৰ ক্ষেত্ৰত ৬০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰা সম্ভৱ৷ সৰ্বনিম্ন বিনিয়োগ ১০০০ টকাৰ পৰা আৰম্ভ হয় যাৰ ম্যাদ ৫ বছৰ আৰু তিনি বছৰ বঢ়াবও পাৰে৷ বৰ্তমান এছ ছি এছ এছ বাৰ্ষিক সুদৰ হাৰ ৮.২ শতাংশ, যি তিনিমাহত পৰ্যালোচনা কৰা হয়৷ কিন্তু চৰকাৰী সহায়তাৰ কাৰণে কেতিয়াও হ্ৰাস নাপায়৷ সুদ তিনিমাহত লোৱা হ’ব পাৰে৷ বা সুদৰ ধন আপোনাৰ বেংক একাউণ্টত জমা হয়৷ ম্যাদপূৰ্তিৰ পাছত এই প্ৰকল্পৰ ম্যাদ পুনৰ বঢ়াব পাৰে৷ এই প্ৰকল্পত সুদ কৰযোগ্য, ধাৰা ৮০ চিৰ অধীনত এক লাখ টকা পৰ্যন্ত ৰেহাই আছে৷ সুদ ৫০,০০০ টকাৰ বেছি হলে টি ডি এছ কাটিবও পাৰে৷
উদাহৰণস্বৰূপে ৮.২ শতাংশ সুদৰ হাৰ ১৫ লাখ টকা বিনিয়োগ কৰিলে বাৰ্ষিক ১,২৩,০০০ টকা সুদ পোৱা যাব, যি প্ৰতিমাহে প্ৰায় ১১৭৫০ টকা৷ এই পৰিমাণ স্থিৰ, বজাৰৰ অৱস্থাৰ সৈতে উঠানমা নকৰে৷ প্ৰবীণ নাগৰিক সঞ্চয় প্ৰকল্পত আপোনাৰ প্ৰভিডেণ্ট ফাণ্ড বা গ্ৰেচুইটিৰ অৰ্থ বিনিয়োগ কৰিলে অৱসৰৰ পৰবৰ্তী জীৱন আৰামদায়ক হব পাৰে৷ বিশেষকৈ যিসকলে মুদ্ৰাস্ফীতিক লৈ চিন্তিত তেওঁলোকৰ বাবে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















