৯০ বছৰৰ মূৰত বিস্তৰ ক্ষতি, চিডো ঘূৰ্ণীবতাহৰ তাণ্ডৱ- প্ৰাণ হেৰুৱালে হাজাৰৰো অধিক লোকে
বিধ্বংসী ৰূপ ধাৰণ কৰিছে চিডো ঘূৰ্ণীবতাহে। ৯০ বছৰৰ মূৰকত এনে বিধ্বংসী ৰূপ দেখি ভয়ত কঁপি উঠিছে সাধাৰণ নাগৰিক। ফ্ৰান্সৰ মায়োট নামৰ চহৰ প্ৰায় সম্পূৰ্ণ ধ্বংস হৈ পৰিছে এই চিডো ঘূৰ্ণীবতাহৰ ফলত। সমগ্ৰ চহৰতে বিস্তাৰ ক্ষতি।
চিডো ঘূৰ্ণীবতাহৰ ইমানেই বিধ্বংসী ৰূপ যে, এতিলায়ৈ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই পাৰ কৰিলে ১০০০ৰ ঘৰ। মায়োট চহৰত বৰ্তমানে সকলোফালে কেৱল ধ্বংসলীলা। এই মায়োট চহৰ ফ্ৰান্স আৰু ইফৰোপীয় সংঘৰ সবাতোকৈ দৰিদ্ৰ দেশ।
এই চিডো ঘূৰ্ণীবতাহৰ ফলত সমগ্ৰ মায়োট চহৰত বৰ্তমানেও প্ৰবল বতাহ-বৰষুণ দি আছে। বৰ্তমানে চহৰখনত বতাহৰ গতিবেগ প্ৰতিঘণ্টাত ২০০ কিলোমিটাৰ।
বহু ঘৰ-দুৱাৰ, গছ-গছনি , বিজুলিৰ খুটা আদি উভালি পৰাৰ ফলত বৰ্তমানেও বিজুলি সংযোগ ব্যাহত হৈ আছে বিভিন্ন এলেকাত। জানিব পৰা মতে, মৃতকৰ সংখ্যা এতিয়াও সঠিক হিচাপ নাই যদিও ই ১০০০ৰো অধি বুলি সদৰি দেশখনৰ সংবাদ মাধ্যমত, লগতে বহু শতাধিক আহত। উল্লেখ্য যে, ১৪ ডিচেম্বৰৰ নিশা চহৰ খনত খুন্দিয়াইছিল এই বিধ্বংসী চিডো ঘূৰ্ণীবতাহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ