ওস্তাদ জাকিৰ হুছেইনৰ কি এনে বিৰল ৰোগ হৈছিল, যি ৰোগৰ চিকিৎসাই কৰিব নাপালে
তবলাৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাতওস্তাদ জাকিৰ হুছেইনে ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। আমেৰিকাৰ হাস্পতালত আই চি ইউত ভৰ্তি হোৱাৰ পিছত ১৫ ডিচেম্বৰত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।
খবৰ অনুসৰি জাকিৰ হুছেইন ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ (IPF) নামৰ হাওঁফাওঁৰ দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত আছিল, যিটো ৰোগে হাৰ্ট এটেক, ষ্ট্ৰোক, কেন্সাৰ আদিৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ উপৰি এই ৰোগৰ কোনো চিকিৎসা নাই। কিছুদিন পূৰ্বে তেখেতৰ হাৰ্ট ব্লক হোৱাৰ বাবে ষ্টেণ্টো লগোৱা হৈছিল।
পাছে এই ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ ৰোগ কি?-
ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ (IPF) হৈছে হাওঁফাওঁৰ এক গুৰুতৰ দুৰাৰোগ্য ৰোগ যিয়ে হাওঁফাওঁত ক্ৰমান্বয়ে ফাইব্ৰ’ছিছৰ সৃষ্টি কৰে। এই ৰোগৰ ফলত হাওঁফাওঁ ডাঠ কৰি তোলাৰ লগতে, ঘাঁৰে ভৰি পৰে।
ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছৰ লক্ষণ-
– দীৰ্ঘদিন ধৰি থকা স্থায়ী কাহ
– উশাহ-নিশাহ লোৱাত কষ্ট
– ভাগৰুৱা আৰু দুৰ্বলতা
– বমি হোৱা
– ওজন কমি যোৱা
– বুকুৰ বিষ
চিকিৎসাৰ বিকল্পসমূহ-
এই ৰোগৰ কোনো সঠিক চিকিৎসা নাই যদিও ইয়াৰ লক্ষণ নিয়ন্ত্ৰণ কৰিবলৈ ঔষধ, অক্সিজেন থেৰাপী আৰু গুৰুতৰ ক্ষেত্ৰত হাওঁফাওঁ সংৰোপণৰ বিকল্প আছে।
এই ৰোগ সাধাৰণতে ৫০ বছৰৰ ওপৰৰ লোকৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে। প্ৰদূষণ আৰু ধূমপান অধিক সেৱন কৰা লোকৰ ক্ষেত্ৰত এই আই পি এফৰ আশংকা অধিক। ইয়াৰ লগতে কিছুমান জিনৰ পৰিৱৰ্তনেও এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
এন আই এইচৰ প্ৰতিবেদন অনুসৰি এই ৰোগ সময়ৰ লগে লগে বাঢ়ি যায়, গতিকে বেছিভাগ মানুহেই ৩-৫ বছৰৰ ভিতৰত গুৰুতৰ লক্ষণৰ সন্মুখীন হয়, যাৰ ফলত মৃত্যু পৰ্যন্ত হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ