প্ৰদূষিত পানী পান কৰি মধ্যপ্ৰদেশৰ ইন্দোৰত একাধিক লোকৰ মৃত্যু হৈছে৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি অন্তত ৩ জনে লোকে বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে৷ হাস্পতালত চিকিৎসাধীন হৈ আছে ১০০ ৰো অধিক লোক৷ ঘটনাক লৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰিছে লগতে নিহতৰ পৰিয়ালক ২ লাখ টকাৰ আৰ্থিক সাহায্য আৰু অসুস্থসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদানৰ কথাও ঘোষণা কৰিছে৷ মৃতককেইগৰাকীৰ নাম ক্ৰমে নন্দলাল পাল(৭০), উৰ্মিলা যাদৱ(৬০) আৰু তাৰা কোৰি(৬৫)৷
স্থানীয় পৌৰ কমিছনাৰ দিলীপকুমাৰ যাদৱে জনোৱা অনুসৰি ইন্দোৰৰ ভাগীৰথপুৰা এলেকাত পানীয় জল সৰবৰাহ পাইপলাইনত এটা ছিদ্ৰ ধৰা পৰিছে৷ সেই স্থানৰ কাষতেই এটা শৌচাগাৰো আছে৷ এই ছিদ্ৰৰেই দূষিত পানী পাইপলাইনেৰে প্ৰৱেশ কৰি আছে বুলি আশংকা কৰা হৈছে৷ স্থানীয় মেয়ৰ পি ভাৰ্গৱে কয়, পানী সৰবৰাহ পৰিকাঠামো ৰক্ষণাবেক্ষণৰ অৱহেলাৰ বাবে দায়ী কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব৷ পৌৰসভাৰ তৰফৰ পৰা স্থানীয় বাসিন্দাসকলক সকলোধৰণৰ সহায় কৰাও হৈছে৷
স্থানীয় বাসিন্দাসকলে জনাইছে যে বিগত ২৫ ডিচেম্বৰৰ পৰা পানীত এক অস্বাভাৱিক গোন্ধ পোৱা গৈছিল৷ বাসিন্দাসকলৰ অভিযোগ, দুৰ্গন্ধযুক্ত পানী সম্পৰ্কে বাৰে বাৰে অভিযোগ কৰা স্বত্তেও পৌৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ মৃত নন্দলাল পালৰ সন্তান সিদ্ধাৰ্থই কয়, ‘দূষিত পানী পান কৰাৰ পাছতেই দেউতাৰ ডায়েৰিয়া হয়৷ ২৮ ডিচেম্বৰত দেউতাক আমি হাস্পতালত ভৰ্তি কৰাও৷ মঙলবাৰে দেউতাই শেষ নিশ্বাস ত্যাগ কৰে৷’ অন্য এগৰাকী মৃতকৰ আত্মীয়ই কৈছে, ‘মোৰ ভন্টীৰ হঠাৎ বমি আৰম্ভ হয়৷ পাছত ডায়েৰিয়াও হয় আমি তেওঁক চিকিৎসা প্ৰদান কৰাৰ সুযোগেই নাপালো৷ তাৰপূৰ্বেই তেওঁ মৃত্যুক সাবটি লয়৷’
ইতিমধ্যেই এই বিষয়ক লৈ প্ৰতিবাদ আৰম্ভ কৰিছে স্থানীয় কংগ্ৰেছ নেতৃত্বই৷ ৰাজ্য কংগ্ৰেছৰ সভাপতি জিতু পাটোৱাৰীয়ে সংবাদমাধ্যমৰ আগত কৈছে, ‘যদি নৰ্দমা বা শৌচালয়ৰ পানী খোৱা পানীৰ পাইপত সোমাইছে তেন্তে মানুহৰ জণ্ডিছ, ডায়েৰিয়া, বমি আদি হোৱাটো স্বাভাৱিক৷ কিন্তু মৃত্যু নহয়৷ ধাৰণা কৰা হৈছে যে পানীৰ পাইপলাইনত কোনো বিষাক্ত পদাৰ্থ মিহলি হৈছে আৰু ইয়াৰ তদন্ত সোনকালেই হ’ব লাগে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















