অসম লাইভ২৪ঃ শ্বাহৰুখ খান এতিয়া দেশজুৰি চৰ্চাত। ‘পাঠান’ বিতৰ্কক লৈ দেশজুৰি চৰ্চা হ’লেও শ্বাহৰুখ খানৰ অনুৰাগী জানো পৃথিৱীত কম আছে! ভাৰততেই আছে শ্বাহৰুখৰ অগণন অনুৰাগী। সামাজিক মাধ্যমতো শ্বাহৰুখ অতি সক্ৰিয়।শ্বাহৰুখ খানৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত আছে ৩৩.৫ নিযুত ফ’লৱাৰ্ছ। কিন্তু শ্বাহৰুখ খানে নিজেই কেইজন ব্যক্তিক ফ’ল কৰে? মিলিয়ন ফলৱাৰ্ছ থকা শ্বাহৰুখে ফ’ল কৰে মাত্ৰ ৬ গৰাকী ব্যক্তিক। কোন এই ৬ ব্যক্তি?
গৌৰী খান
বলীউডৰ কিং খান শ্বাহৰুখৰ খানে ইনষ্টাগ্ৰামত পত্নী গৌৰী খানক ফ’ল কৰে। গৌৰীৰো ইনষ্টাগ্ৰামত ফ’লৱাৰ্ছৰ সংখ্যা কম নহয়। ৪.৬ মিলিয়ন ফৰৱাৰ্ছ আছে গৌৰীৰ ইনষ্টাগ্ৰামত।
সুহানা খান
শ্বাহৰুখ খানে ইনষ্টাগ্ৰামত তেওঁৰ কন্যা সুহানা খানক ফ’ল কৰিছে। অচিৰেই চিনেমাত দেখা যাব শ্বাহৰুখ কন্যা সুহানাক। বলীউডৰ আগশাৰীৰ চিনেমা পৰিচালক জয়া খানৰ ছবিত দেখা যাব সুহানাক। সুহানাৰো ইনষ্টাগ্ৰামত আছে প্ৰায় ৩ মিলিয়ন ফ’লৱাৰ্ছ। বলীউডৰ বহু সূত্ৰই দাবী কৰা মতে শ্বাহৰুখে তেওঁৰ কন্যা সুহানাৰ সৈতে খুৱেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক শ্বেয়াৰ কৰে।
আৰিয়ান খান
কেৱল কন্যা আৰু পত্নীকেই নহয় পুত্ৰ আৰিয়ানকো ইনষ্টাগ্ৰামৰ ফ’ল কৰিছে শ্বাহুৰুখে। আৰিয়ানৰ ইনষ্টাগ্ৰামত মুঠ ফ’লৱাৰ্ছ আছে ২.৩ মিলিয়ন।
পূজা দাদলানী
নিজৰ পৰিয়ালৰ বাহিৰেও শ্বাহৰুখে ফ’ল কৰিছে তেওঁৰ মেনেজাৰ পূজা দাদলানীক। পূজাইয়ো শ্বাহৰুখৰ সৈতে খুবেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক শ্বেয়াৰ কৰে বুলি বহুতেই প্ৰকাশ কৰি আহিছে। পূজাক শ্বাহৰুখে পৰিয়ালৰ সদস্যৰ দৰেই ব্যৱহাৰ কৰে বুলিও বলীউডৰ সূত্ৰই প্ৰকাশ কৰিছে।
আলিয়া ছিব্বা
সকলোকেইটা পৰিচিত মানুহকেই শ্বাহৰুখে ফ’ল কৰি আহিছে। তাৰমাজতেই এই আলিয়া ছিব্বা কোন? আলিয়া সুহানা খানৰ সম্পৰ্কীয় ভনীয়েক। ইনষ্টাগ্ৰামত আলিয়াৰ আছে প্ৰায় ১৬৬ হাজাৰ ফ’লৱাৰ্ছ। আলিয়া গৌৰীৰ ভাতৃৰ কন্যা।
কাজল আনন্দ
কাজল পেছাত এগৰাকী অধিবক্তা। কাজলে প্ৰায়সংখ্যক চেলিব্ৰিটিৰ কেছসমূহ হেণ্ডেল কৰে। শ্বাহৰুখৰো বহু কেছ আছে। এইসমূহো কাজলেই হেণ্ডেল কৰি আছে। কাজলক ইনষ্টাগ্ৰামত কিং শ্বাহৰুখে বহুদিনৰে পৰাই ফ’ল কৰি থকা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ