অসম লাইভ২৪ঃ প্ৰায় ৮ মাহৰ অপেক্ষাৰ অৱসান। মুক্তি লাভ কৰিছে শ্বাহৰুখৰ ছবি ‘জাৱান’এ। বছৰৰ আৰম্ভণিতে ‘পাঠান’ৰ পাছত এইবাৰ ৰূপালী পৰ্দাত শ্বাহৰুখৰ ‘জাৱান’। পাঠানৰ সাফল্যৰ পাছত বলীউডৰ বাদশ্বাহত পুনৰ দেখা গৈছে নতুন ৰূপত। ছবি মুক্তিৰ দিনাখন অনুৰাগীৰ সমান্তৰালকৈ উৎসাহীৰূপত দেখা হ’ল কিং খানকো। ৭ ছেপ্টেম্বৰ ‘জাৱান’ মুক্তিৰ দিনা মাজনিশা প্ৰেক্ষাগৃহৰ বাহিৰত দেখা গ’ল অসংখ্য ভিৰ। যেনেকৈয়ে নহওক কিয় ফাৰ্ষ্ট ডেৰ ফাৰ্ষ্ট শ্ব’ চাবলৈ সকলোৱেই আগ্ৰহী। অনুৰাগীৰ এই উত্তেজনাৰ মাজতেই মাজনিশা শ্বাহৰুখেও শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট।
৭ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰাই প্ৰেক্ষাগৃহত শ্বাহৰুখ অনুৰাগীৰ ভিৰ। কৰোবাত যদি অনুৰাগীৰ ভিৰ তেন্তে আন কৰোবাত আঁতচবাজি, বাদশ্বাহৰ বিশালকায় কাটআউটত মালা পিন্ধাই বহুতেই শ্বাহৰুখৰ প্ৰতি থকা মৰম আন্তৰিকতাৰ বহিঃপ্ৰকাশ ঘটাইছে। অনুৰাগীৰ এই মৰম ভালপোৱাত আপ্লুত হৈছে শ্বাহৰুখো। সামাজিক মাধ্যমত শ্বাহৰুখে উদযাপনৰ এই ভিডিঅ’সমূহ দেখাৰ বাবে তেঁৱো ওৰে নিশা সাৰে থাকিল। সাৰে থাকি তেওঁ অনুৰাগীৰ মেছেজৰ উত্তৰ দিয়াত ব্যস্ত হৈ থাকিল।
ফেন ক্লাবৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ৰি পোষ্ট কৰি শ্বাহৰুখে কেপশ্ব্যনত লিখিলে, ‘আপোনালোকলৈ মোৰ ভালপোৱা সদায়ে আছে। আশা কৰো আপোনালোকে জাৱান চাই ভাল পাব। আপোনালোকৰ এই উন্মাদনাই মোকো চুই গৈছে সেয়ে ময়ো ওৰেনিশা সাৰে আছো।’ বিগত ৩১ আগষ্টত জাৱানৰ ট্ৰেইলাৰে মুক্তি লাভ কৰিছে। জাৱানৰ অগ্ৰিম টিকট বু্কিঙে পাঠানৰো ৰেকৰ্ড ভাঙিছে। জাৱানৰ প্ৰথম দিনাৰ প্ৰথম প্ৰদৰ্শনীৰ টিকেটৰ বাবে বহু লোকে নিশা প্ৰায় ২ বজাৰ পৰাই শাৰী পাতিছে। জাৱানে আগন্তুক সময়ত বক্স অফিচত কি ৰেকৰ্ড গঢ়ে সেই বিষয়টোক লৈহে নজৰ ৰাখিছে এতিয়া প্ৰত্যেকগৰাকী চিনেমাপ্ৰেমী জনতাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ