ভাৰতৰ বিৰোধী মন্তব্যৰ পাছতে খোলোচা, ভাৰতীয় সেনাৰ হাতত নিহত হৈছিল শ্বাহিদ আফ্ৰিদীৰ ভাতৃ
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে পাকিস্তানত হুলস্থুলৰ সৃষ্টি কৰিছে। পাকিস্তানৰো বহু লোকে ভাৰত বিৰোধী মন্তব্য কৰিছে। শেহতীয়াকৈ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়েও ভাৰতৰ বিৰুদ্ধে নিজৰ ঘৃণা প্ৰকাশ কৰিছে।
অৱশ্যে এইয়ে প্ৰথম ভাৰতৰ বিৰুদ্ধে আফ্ৰিদীয়ে প্ৰথমবাৰৰ বাবে বিতৰ্কিত বক্তব্য দিয়া নাই। পূৰ্বেও ভাৰত বিৰোধী মন্তব্য কৰিছেল পাকিস্তানী ক্ৰিকেটাৰ গৰাকীয়ে।
শেহতীয়াকৈ শ্বাহিদ আফ্ৰিদীয়ে ভাৰতে নিজেই সন্ত্ৰাসবাদক সমৰ্থন কৰে বুলি অভিযোগ উত্থাপন কৰিছিল. আফ্ৰিদীয়ে। লগতে কৈছিল, ভাৰতে নিজেই সকলো কৰে আৰু পাকিস্তানক দোষাৰোপ কৰে।
দৰাচলতে দাবী কৰা হৈছিল যে ২০০৩ চনত আফ্ৰিদিৰ ভাতৃক খেদি খেদি বি এছ এফৰ জোৱানে গুলীয়াই হত্যা কৰিছিল। ২২ বছৰীয়া পুৰণি এই ঘটনাটোৱেই আফ্ৰিদীৰ ভাৰতৰ প্ৰতি থকা ঘৃণাৰ আঁৰৰ প্ৰকৃত কাৰণ বুলি ধাৰণা কৰা হৈছে।
শ্বাহিদ আফ্ৰিদিৰ ভাতৃ চাকিবক বি এছ এফৰ জোৱানে এনকাউণ্টাৰ কৰিছিল। সেই বছৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ভাৰতীয় সেনাই সন্ত্ৰাসবাদী শ্বাকিবক হত্যা কৰিছিল।
শ্বাকিবক হত্যা কৰাৰ পিছত উদ্ধাৰ হোৱা নথি-পত্ৰৰ ভিত্তিত বি এছ এফে কৈছিল যে শ্বাকিবৰ সম্পৰ্ক পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদিৰ সৈতে। অৱশ্যে আফ্ৰিদীয়ে সেই দাবী নস্যাৎ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















