আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা মগজু হৈ পৰিব পংগু
আমি আমাৰ শৰীৰৰ – স্বাস্থ্যৰ ভালদৰে যত্ন লওঁ। হৃদযন্ত্ৰ আৰু হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ বহুতো ব্যৱস্থা লোৱাৰ চেষ্টা কৰা হয়। কিন্তু আমি আমাৰ মানসিক স্বাস্থ্যৰ যত্ন ল’বলৈ পাহৰি যাওঁ। মগজু আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ সম্পূৰ্ণ শৰীৰ প্ৰতিটো সময়তে সুস্থ ভাৱে পৰিচালনা কৰে।
কিন্তু তথাপিও আমি কেতিয়াও নাভাবো যে এই মগজু কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি। কেৱল কেইটামান বদ অভ্যাস ত্যাগ কৰিলেই সুস্থ হৈ থাকিব আমাৰ মগজু।
টোপনি-
পৰ্যাপ্ত পৰিমাণে নুশুৱা মগজুৰ বাবে অত্যন্ত বিপদজনক। যেতিয়া আপুনি পৰ্যাপ্ত পৰিমাণে নুশুব তেতিয়া মগজুৱে জিৰণি লোৱাৰ সুযোগ নাপায় আৰু দিনটোৰ ভাগৰুৱা অৱস্থাৰ পৰা সুস্থ হৈ নুঠে। ইয়াৰ ফলত স্মৃতিশক্তি হেৰুৱা, মেজাজৰ পৰিৱৰ্তন আদি গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে টোপনিৰ অভাৱত ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যদি আপুনি আপোনাৰ মগজুক সুৰক্ষা দিব বিচাৰে তেন্তে প্ৰতি নিশা কমেও সাত ঘণ্টা টোপনিৰ লক্ষ্য ৰাখক।
ধুমপান-
ধূমপান কেৱল মগজুৰ বাবেই নহয় স্বাস্থ্যৰ বাবেও বিপদজনক। ধূমপান কৰিলে ৰক্তবাহী নলীৰ ক্ষতি হয় আৰু প্ৰদাহ হয় যাৰ ফলত মগজুৰ ক্ষতি হয় আৰু মগজুৰ ষ্ট্ৰোকৰ দৰে গুৰুতৰ অৱস্থা হ’ব পাৰে। ধূমপান কৰা লোকৰ ডিমেনচিয়া হোৱাৰ সম্ভাৱনাও দুগুণ বেছি। যদি আপুনি ধূমপান কৰে তেন্তে ধূমপান এৰি দিয়াটোৱেই আপোনাৰ মগজুৰ বাবে সৰ্বোত্তম।
অধিক মিঠা খাদ্য-
বেছিকৈ মিঠা বস্তু সেৱন কৰিলেও মগজুৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। এটা অধ্যয়নত দেখা গৈছে যে যিসকল লোকে দিনটোত অন্ততঃ এটা কেন ডায়েট চ’ডা খায়, তেওঁলোকৰ ষ্ট্ৰোক আৰু ডিমেনচিয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ