ন্যায়ৰ বিচাৰক হিচাপে পৰিচিত শনিদেৱে এই বছৰৰ ৩ অক্টোবৰত ৰাশি পৰিবৰ্তন কৰিব৷ বৃহস্পতিৰ ৰাশিত প্ৰৱেশ কৰিব শনিয়ে৷ এই পৰিবৰ্তনে বহু ৰাশিৰ বাবে কল্যাণৰ খবৰ কঢ়িয়াই আনিব৷ জানক কোন ৰাশিৰ জাতক জাতিকা ইয়াৰ ফলত উপকৃত হব? শনিদেৱে অক্টোবৰত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ বৰ্তমান শনি মীন ৰাশিত আছে৷ মীন ৰাশিত থকাৰ সময়তে শনিয়ে নক্ষত্ৰ পৰিবৰ্তন কৰিব৷
শনিৰ এই পৰিবৰ্তনে শুভ খবৰ কঢ়িয়াই আনিব৷ বৃহস্পতি হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি৷ বৃহস্পতি হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি৷ এই সংযোগে বহু ৰাশিৰ বাবে আৰ্থিক লাভ কঢ়িয়াই আনিব৷ জীৱনত শক্তিন নতুন সুযোগ তৈয়াৰ হ’ব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাই সামাজিক জীৱনত সন্মান লাভৰ সম্ভাৱনা আছে৷ পুৰণি বিনিয়োগ লাভজনক হ’ব৷ ভাগ্য আপোনাৰ পক্ষত থাকিব৷ প্ৰেম জীৱন ইতিবাচক হব পাৰে৷
কুম্ভ ৰাশি
শনিয়ে কুম্ভ ৰাশিৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব৷ ব্যৱসায় বা আইনী বিষয়ৰ মাধ্যমেৰে মাটি সংক্ৰান্তিয় লাভ আপুনি পাব পাৰে৷ এই সময়ত ব্যক্তিগত আৰু পেছাগত জীৱনত ভাৰসাম্য বৰ্তি থাকিব৷ কোনো চুক্তি চুড়ান্ত কৰাৰ মাধ্যমেৰে উপকৃত হ’ব৷
মীন ৰাশি
শনিয়ে মীন ৰাশিৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব৷ এই সময়ত যদি কোনো ডাঙৰ সামগ্ৰী ক্ৰয়ৰ পৰিকল্পনা কৰিছে তেন্তে লাভ হোৱাৰ সম্ভাৱনা আছে৷ এই সময়ত মানসিকভাৱে সজাগ হৈ থকা উচিত৷ পৰিয়ালৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















