ন্যায়ৰ দেৱতা শনিদেৱে প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্ম অনুসৰি ফল দিয়ে৷ ভাল কাম কৰা ব্যক্তিক ভাল ফল আৰু বেয়া কাম কৰা ব্যক্তিক শাস্তি প্ৰদান কৰে৷ প্ৰত্যেক মানুহে জীৱনত এবাৰ শনিৰ চাৰে সাতি আৰু ঢাইয়াৰ মুখামুখি হব পাৰে৷ যদি কোনো ব্যক্তিৰ ওপৰত শনিৰ কু-নজৰ পৰে তেতিয়া তেওঁ শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যাত পৰিব পাৰে৷
শনিয়ে বৰ্তমান মীন ৰাশিত অৱস্থান কৰিছে আৰু ২০২৬ চনত একে ৰাশিত গমন কৰিব৷ শনিয়ে যেতিয়া মীন ৰাশিত থআকে তেতিয়া তিনি ৰাশিত তাৰ অৱস্থান স্বৰ্ণপদ হয়৷ জ্যোতিষশাস্ত্ৰত শনিৰ স্বৰ্ণপদক শুভ বুলি ধাৰণা কৰা নহয়৷ কোৱা হয় যে শনিৰ স্বৰ্ণপদে সেই ৰাশিৰ জাতক জাতিকাৰ জীৱনত বহু সমস্যা আনে৷ জানি থওক ২০২৬ চনত কোন কোন ৰাশিত শনিৰ প্ৰভাৱ থাকিব?
বৃষ ৰাশি
শনিৰ এই অৱস্থানে আপোনাৰ জীৱনত চেলেঞ্জ বঢ়াব পাৰে৷ কঠোৰ পৰিশ্ৰমে প্ৰতিটো প্ৰচেষ্টাই সাফল্য আনি দিব৷ ভায়েকভনীয়েকৰ সৈতে মতপাৰ্থক্যই দেখা দিব পাৰে৷ সম্পত্তিক লৈ পৰিয়ালত বিবাদ হব পাৰে৷ এই সময়ত আপোনাৰ খৰচ বাঢ়িব পাৰে আৰু অৰ্থ সঞ্চয় কৰা কঠিন হব৷ সুষম বিবাহিত জীৱন বজায় ৰখাৰ বাবে আপোনাৰ জীৱনসংগীৰ অনুভূতি আৰু চিন্তাভাৱনা বুজি পোৱা অপৰিহাৰ্য হব৷
তুলা ৰাশি
এই সময়ত কৰ্মক্ষেত্ৰত অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন হব৷ চাকৰি বা ব্যৱসায়ত লাভ কৰিবলৈ বহু পৰিশ্ৰম কৰিব লাগিব৷ স্বাস্থ্য বেয়া হব পাৰে৷ অংশীদাৰি ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলে ইতিবাচক ফল পোৱা যাব৷ পূৰ্বৰ বিনিয়োগৰ পৰা উল্লেখযোগ্য আৰ্থিক লাভৰ সম্ভাৱনা আছে৷
মীন ৰাশি
শনিৰ এই অৱস্থাৰ প্ৰভাৱত নেতিবাচক চিন্তা বাঢ়িব পাৰে৷ আপোনাৰ মনত এই ভয় থাকিব পাৰে৷ আপোনাৰ অতীতৰ কোনো ডাঙৰ গোপনীয়তা ফাঁচ হৈ যাব৷ আৰ্থিক ঋণ লৈ কাৰোবাৰ সৈতে বিবাদৰ সম্ভাৱনাও আছে৷ এনে কোনো ব্যক্তিৰ আগমন হব পাৰে যিয়ে পৰিয়ালত উত্তেজনা সৃষ্টি কৰিব৷ এই সময়ত আপুনি যিমান বেছি সক্ৰিয় আৰু ব্যস্ত থাকিব সিমানেই ভাল ফল পাব৷ এই সময়ত কোনোৱে গহনা ক্ৰয়ৰ কথা ভাৱিছে যদি ক্ৰয় কৰিব পাৰে৷ ই ভৱিষ্যতে উপকাৰী বিনিয়োগ প্ৰমাণিত হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















