আৰু মাত্ৰ ২ মাহৰ পাছতেই আৰম্ভ হ’ব নতুন বছৰ ২০২৬৷ আগন্তুক বছৰৰ আৰম্ভণিতেই শনি আৰু বৃহস্পতিৰ অৱস্থানত কিছু পৰিবৰ্তন আহিব৷ বৈদিক জ্যোতিষ অনুসৰি এই দুই গ্ৰহই অত্যন্ত গুৰুত্বপূৰ্ণ৷ কৰ্মফলৰ দেৱতা শনি আৰু দেৱগুৰু বৃহস্পতিৰ অৱস্থানত ২০২৬ৰ আৰম্ভণিৰ পৰাই বিশেষ প্ৰভাৱ পেলাব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ এই সকলো ৰাশিৰ জাতকে নতুন বছৰত প্ৰচুৰ উন্নতি কৰিব পাৰিব৷ জানি থওক এই তালিকাত কোন কোন আছে?
২০২৬ত ভাগ্য খুলিব বৃষ ৰাশিৰ
বৃহস্পতি আৰু শনিৰ প্ৰভাৱত নতুন বছৰত প্ৰচুৰ উন্নতি কৰাৰ সম্ভাৱনা আছে বৃষ ৰাশিৰ জাতকৰ সন্মুখত৷ কেৰিয়াৰতো উন্নতি কৰাৰ পথ খুলিব আপোনাৰ সন্মুখত৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ সাংসৰিক জীৱন সুখেৰে কটাব৷ সকলো কামতে আপুনি নিজৰ মানুহক কাষত পাব৷ পাৰ্টনাৰৰ সৈতে বুজাপৰা ভাল হব৷ বৃষ ৰাশিৰ জাতকে স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী৷
২০২৬ ত ভাগ্য খুলিব মিথুন ৰাশিৰ
২০২৬ ৰ আৰম্ভণি শুভ হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ বৃহস্পতি আৰু শনিৰ অৱস্থানৰ প্ৰভাৱত সৌভাগ্য লাভ হব আপোনাৰ৷ মিডিয়া, মাৰ্কেটিং আৰু পাব্লিক ৰিলেছনত যিসকল কৰ্মৰত তেওঁলোকে বিশেষ উন্নতি কৰিব পাৰে৷ পেছাগত সম্পৰ্ক মজবুত হব৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন পথ খুলিব৷ বন্ধু আৰু সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব৷ ইয়াৰ ফলত কঠিন পৰিস্থিতিকো আপুনি নিজৰ অনুকূলে টানি আনিব পাৰিব৷
২০২৬ত ভাগ্য খুলিব তুলা ৰাশিৰ
২০২৬ চন লাভজনক হব তুলা ৰাশিৰ জাতকৰ বাবে৷ শনি আৰু বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ সাংসৰিক পৰিস্থিতি আনন্দময় হব৷ আগন্তুক বছৰত আপোনাৰ সন্মুখত আত্মবিশ্বাস তুংগত থাকিব৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ সাফল্য পাব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাতো সাফল্য পাব৷ বিদেশ যাত্ৰাৰো সুযোগ আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















