শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ৷ জুবিন গাৰ্গৰ এই বিশেষ কবিতাৰেই সমাপ্তি ঘটিছে চিনেমাখনৰ৷ ইণ্টাৰভেলতো জুবিনে কয়, অসমত 3G, 4G, 5G নহয় অসমত ZG চলে৷ ZG আজি অসমৰ প্ৰতিটো হলত জীৱন্ত হৈ আছে৷ কিন্তু কায়িকভাৱে তেওঁ আৰু আমাৰ মাজত নাই৷ মৃত্যুৰ কেইদিনমান পূৰ্বে জুবিন গাৰ্গে নিজেই এক সাক্ষাৎকাৰত কৈছিল, ‘এই চিনেমাৰ কাহিনী ১৯ বছৰ ধৰি মোৰ বুকুত মই কঢ়িয়াই ফুৰিছিলো৷ ১৯ বছৰ ধৰি লালন পালন কৰা সেই গল্পটোৱে চিনেমাৰ ৰূপ পালে৷ জীৱনৰ শেষ ছবি এইখনেই হ’ব জুবিনৰ বুলি আপুনি মই কোনোবাই জানো কল্পনা কৰিছিলো৷ মুঠেও নহয়৷ এই কল্পনা অসমৰ কোনো এজন লোকেও কাহানিও কৰিব পৰা নাছিল৷ কিন্তু ১৯ ছেপ্টেম্বৰত সকলোৰে বুকুত এচটা শিল যেন কোনোবাই পাৰি দিলে৷ বাকৰূদ্ধ হৈ পৰিল অসমবাসী৷ জুবিন গাৰ্গ গুচি গ’ল ঘুৰি নহাৰ বাটেৰে৷
জুবিন গাৰ্গৰ গুচি গ’ল এই সত্য আজিও যেন মানিও মানিব পৰা নাই অসমীয়াই৷ তেওঁৰ আধৰুৱা সপোনটোক অসমবাসীয়ে আগুৱাই নিবলৈ অপ্ৰাণ চেষ্টা কৰিছে৷ অপ্ৰাণ চেষ্টা কৰিছিল তেওঁৰ চিনেমাৰ কামত জড়িত হৈ থকা প্ৰতিজন লোকেই৷ প্ৰায় ৮০শতাংশ কাম শেষ কৰি জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈছিল৷ উভতি আহি বাকীখিনি কাম আগবঢ়াই ৩১ অক্টোবৰত চিনেমাখন মুকলি কৰি দিয়াৰো কথা কৈ গৈছিল জুবিন গাৰ্গে৷ কিন্তু জুবিন গাৰ্গ ছিংগাপুৰৰ পৰা সোঁশৰীৰে উভতি নাহিল৷ আহিল এটা কফিনত আৱদ্ধ হৈ৷ জুবিন গাৰ্গৰ শেষ ইচ্ছাক আওকান নকৰি পৰিয়াল আৰু তেওঁৰ ৰৈ ৰৈ বিনালে টিমে বহু কষ্টৰ অন্তত আজি মুক্তি দিলে তেওঁৰ হেঁপাহৰ ছবিখন৷
নিজকে ফিনিক্স পক্ষী বুলি কৈছিল জুবিনে৷ ধোঁৱা আৰু ছাইৰ মাজেৰে উৰিব খুজিছিল জুবিন নামৰ সত্ত্বাটো৷ আজি জুবিন নাই৷ কিন্তু ফিনিক্স পক্ষী হৈ ধোঁৱা ছাই নেওচি জুবিন উৰিছে উচ্চতাৰ পৰা উচ্চতালৈ৷ জুবিন গাৰ্গৰ সপোন আজি সাকাৰ হৈছে৷ অসমীয়া চিনেমাক লৈ বুকুত কঢ়িয়াই ফুৰা সপোন আজি দিঠক৷ কেৱল জুবিন গাৰ্গ নাই৷ পত্নী গৰিমা গাৰ্গেই পুৱাই ক্ৰন্দনৰত হৈ জুবিন গাৰ্গৰ ফটোৰ সন্মুখত মাল্যৰ্পণ কৰিছে৷
সংবাদমাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰি গৰিমা গাৰ্গে কৈছে, ‘জুবিন কতো যোৱা নাই৷ জুবিন আমাৰ মাজত আছে৷ আমাৰ বুকুত জুবিন আছে৷ তেওঁ ভালপোৱা অসমখনক আজি পুৱাই তেওঁ বৰ্ষা হৈ তিঁয়াই দিছেহি৷ তেওঁ অসম এৰি ক’তো নাযায় তাৰ প্ৰমাণ তেওঁ আজি পুৱাই দিছে৷ কাৰণ তেওঁ বৰষুণ ভালপাইছিল৷ সিদিনা ছিংগাপুৰৰ পৰা আহোতেও তেওঁ এজাক বৰষুণ লৈ আহিছিল৷ আজি তেওঁৰ সপোনে দিঠকৰ ৰূপ পাওঁতেও তেওঁ বৰষুণ হৈ ধৰা দিছে৷ আমি জানো জুবিনৰ আশীৰ্বাদ সদায়ে অসমবাসীৰ লগত আছে আমাৰ লগত আছে৷ জুবিন গাৰ্গৰ অসমীয়া চিনেমাক লৈ দেখা সপোন আজি সঁচা হৈছে৷ অসমত আজি কেৱল অসমীয়া চিনেমা চলিছে৷ আমি জানো অসমীয়া চিনেমাৰ আৰু উত্তৰণ হ’ব৷ অসমত আৰু ভাল ভাল অসমীয়া চিনেমা আহিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















