নৱেম্বৰৰ আৰম্ভণিৰে পৰা কেইবাটাও প্ৰশাসনিক পৰিবৰ্তন আহিছে৷ ১ নৱেম্বৰৰ পৰা বেংকিং, আধাৰ, পেঞ্চন আৰু GST ব্যৱস্থাৰ একাধিক নতুন নিয়ম কাৰ্যকৰ হ’ব৷ ১ নৱেম্বৰৰ পৰা বেংকিং, আধাৰ, পেঞ্চন আৰু GST ব্যৱস্থাৰ একাধিক নতুন নিয়ম কাৰ্যকৰ হব৷ যিয়ে সাধাৰণ মানুহৰ দৈনন্দিন কামত প্ৰভাৱ পেলাব৷
বেংকিঙৰ নতুন নিয়ম
১ নৱেম্বৰৰ পৰা বেংক গ্ৰাহকে একাধিক একাউণ্ট, লকাৰ বা ছেফ কাষ্টেডিৰ বাবে সৰ্বোচ্চ চাৰিজন পৰ্যন্ত মনোনীত ব্যক্তি ৰাখিব পাৰিব৷ ইয়াৰ পূৰ্বে এই সংখ্যা সৰ্বোচ্চ এজন বা দুজন পৰ্যন্ত সীমিত আছিল৷ মনোনয়ন যোগ বা পৰিবৰ্তন প্ৰক্ৰিয়াও সহজ কৰা হৈছে৷ যাতে জৰুৰী পৰিস্থিতিত পৰিয়ালৰ সদস্যসকলে লৰালৰিকৈ ধন বা টকা উঠাই ল’ব পাৰে৷
ইয়াৰোপৰি ক্ৰেডিট কাৰ্ড আৰু পেমেণ্টত কিছু নতুন চাৰ্জ আৰোপ কৰা হৈছে৷ শিক্ষা সংক্ৰান্তিয় পেমেণ্ট বা ১০০০ টকাতকৈ বেছি ৱালেট টপআপৰ ক্ষেত্ৰত ১ শতাংশ ছাৰ্ভিছ ফি দিব লাগিব৷ বেংক কৰ্তৃপক্ষই গ্ৰাহকক পৰামৰ্শ দিছে নতুন ফি কাঠামো জমাৰ বাবে৷ নিজ বেংকৰ সৈতে যোগাযোগ কৰিব৷
আধাৰ আপডেটৰ সুবিধা
UIDAIয়ে জনাইছে যে এতিয়াৰে পৰা নাগৰিকৰ নাম, ঠিকনা, জন্মতাৰিখ আৰু মোবাইল নম্বৰ অনলাইন আপডেট কৰিব পাৰে৷ এই প্ৰক্ৰিয়াত আৰু কোনো প্ৰমাণপত্ৰ আপলোড কৰিব নোৱাৰিব৷ বায়োমেট্ৰিক তথ্য আপডেট কৰিব হলে আধাৰ চেণ্টাৰলৈ যাব লাগিব৷ নতুন ফি ধাৰ্য্য কৰা হৈছে৷ নন বায়োমেট্ৰিক আপডেটৰ বাবে ৭৫ টকা আৰু বায়োমেট্ৰিক আপডেটৰ বাবে ১২৫ টকা৷
পেঞ্চনভোগীসকলৰ বাবে গুৰুত্বপূৰ্ণ মাহ
নৱেম্বৰ মাহ পেঞ্চনভোগীসকলৰ বাবে গুৰুত্বপূৰ্ণ৷ ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত প্ৰত্যেক অৱসৰপ্ৰাপ্ত ব্যক্তিয়েই তেওঁলোকৰ লাইফ চাৰ্টিফিকেট জমা দিব লাগিব৷ ইয়াৰোপৰি নেশ্ব্যনেল পেঞ্চন চিষ্টেমৰ পৰা ইউনিফায়েড পেঞ্চন স্কিমত ৰূপান্তৰৰ শেষ তাৰিখো বঢ়োৱা হৈছে ৩০ নৱেম্বৰ ২০২৫পৰ্যন্ত৷
GST ব্যৱস্থাৰ পৰিবৰ্তন
নৱেম্বৰৰ আৰম্ভণিতে GST কাঠামোও পৰিবৰ্তিত হৈছে৷ নতুন ব্যৱস্থাৰ GST ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সহজ কৰা হৈছে৷ প্ৰধান দুটা কৰ শ্লেৱ হ’ব ৫শতাংশ আৰু ১৮শতাংশ আৰু লাক্সাৰি আৰু ‘sin’ পণ্যৰ ক্ষেত্ৰত কৰৰ হাব ৪০শতাংশ ধাৰ্য্য কৰা হৈছে৷ চৰকাৰৰ দাবী, এই পৰিবৰ্তনৰ ফলত কৰ ব্যৱস্থা আৰু স্বচ্ছ, সহজ আৰু ব্যৱস্যায় বান্ধৱ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















