চলিত বছৰটো জ্যোতিষশাস্ত্ৰৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই বছৰেই তৈয়াৰ হ’ব নানান বিৰল যোগ৷ বিভিন্ন গ্ৰহৰ অৱস্থান পৰিবৰ্তনৰ সৈতে সলনি হ’ব জাতকৰ ভাগ্যও৷ ২০২৫ চনৰ মাৰ্চ মাহত মীন ৰাশিত গোচৰ হৈছিল শনিৰ৷ যাৰ প্ৰভাৱত এই মুহূৰ্তত শনিৰ চাৰে সাতি দশা চলিছে মীন ৰাশিৰ জাতকৰ ওপৰত৷ ২০২৬ চনত মীন ৰাশিতেই থাকিব কৰ্মফলৰ গ্ৰহ৷
মীন ৰাশিৰ অধিপতি আকৌ বৃহস্পতি৷ জ্ঞান, বৃদ্ধি, সৌভাগ্য, সমৃদ্ধি, শিক্ষা, ধৰ্মৰ প্ৰতীক বৃহস্পতি দেৱতাসকলৰ গুৰু৷ সেয়ে বৃহস্পতিক গুৰুগ্ৰহ নামেৰেও জনা যায়৷ এই দুই গ্ৰহই মিলি তৈয়াৰ কৰিব বিশেষ বিৰল যোগ৷ শনি এই মুহূৰ্তত আছে বৃহস্পতিৰ অধীনত মীন ৰাশিত৷ সমগ্ৰ বছৰ ইয়াতেই থাকিব৷ ২০২৬ চনত বৃহস্পতিয়ে সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ ইফালে সিংহ ৰাশিৰ ওপৰত এই মুহূৰ্তত শনিৰ ধাইয়া চলিছে৷ সেয়ে সিংহ ৰাশিত বৃহস্পতিৰ উপস্থিতি আৰু বৃহস্পতিৰ মীন ৰাশিত শনিৰ উপস্থিতিয়ে এক অনন্য মহাসন্ধি তৈয়াৰ কৰিব৷ যিয়ে বিশেষ চাৰি ৰাশিৰ জাতকৰ জীৱনলৈ আনিব সুখৰ জোৱাৰ৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে ২০২৬ চন আশীৰ্বাদ স্বৰূপ হ’ব৷ এই বছৰ আপোনাৰ জীৱনলৈ ব্যাপক আৰ্থিক সনৃদ্ধি আহিব৷ শনিৰ বিশেষ আশীৰ্বাদত জীৱন কটাব লাগিব নিৰ্দিষ্ট নিয়মৰ মাজেৰে৷ কঠোৰ পৰিশ্ৰম কৰিলে তাৰ ফলো এই বৰ্ষতেই পাব৷ কেৰিয়াৰত উন্নতি হব৷ সম্পদ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা বৃদ্ধি পাব৷ প্ৰেমৰ সম্পৰ্ক আৰু শক্তিশালী হব৷
মিথুন ৰাশি
২০২৬ চন মিথুন ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হব৷ বৃহস্পতি আৰু শনিৰ প্ৰভাৱত আপোনাৰ জীৱনলৈ দুৰ্দান্ত সাফল্য আহিব৷ সমগ্ৰ বছৰ কেৰিয়াৰৰ উন্নতিৰ গ্ৰাফ ঊৰ্ধ্বমুখী থাকিব৷ আপোনাৰ কাঙ্খিত লক্ষ্য অৰ্জনত সফল হব৷ অফিচত আপোনাৰ প্রভাৱ প্ৰতিপত্তি বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















