আগন্তুৰ ১৭ এপ্ৰিল ২০২৬ৰ বিয়লি ৪ বাজি ৫ মিনিটত উত্তৰভাদ্ৰপদ নক্ষত্ৰৰ চতুৰ্থ ঘৰত প্ৰৱেশ কৰিব শনিয়ে৷ ১৭ মে পৰ্যন্ত ইয়াতেই থাকিব শনি মহাৰাজ৷ নক্ষত্ৰৰ চতুৰ্থ ঘৰত শনিৰ অৱস্থানৰ প্ৰভাৱত শনিৰ দৃষ্টি আৰু তিৰ্যক হৈ পৰিব কেইটামান ৰাশিৰ ওপৰত৷ এই সকলো ৰাশিৰ জাতকে শনিৰ অশুভ প্ৰভাৱত নানান সমস্যাৰ মুখত পৰিব৷ আৰ্থিক ক্ষতি, কামত ব্যৰ্থতা আৰু মানসিক চাপ বাঢ়িব এইসমূহ ৰাশিৰ জাতকৰ৷ জানি থওক গ্ৰহৰাজৰ নিৰ্মম আঘাত পৰিব কোন কোন ৰাশিত?
বৃষ ৰাশি
গ্ৰহৰাজৰ বক্ৰদৃষ্টিত ১৭ এপ্ৰিলৰ পৰা বেয়া সময় আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ মনত ৰাখিব এই সময়ে আপোনাৰ কঠিন পৰীক্ষা ল’ব৷ চাকৰি আৰু ব্যৱসায় সংক্ৰান্তিয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাই ভাল৷ ডাঙৰ আৰ্থিক ক্ষতি হব পাৰে৷ ঋণৰ বোজা আপোনাৰ ওপৰত পৰিব পাৰে৷ পৰিয়ালৰ মাজত মতবিৰোধ আৰু অশান্তি হব পাৰে৷
কন্যা ৰাশি
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰত শনিৰ গোচৰৰ কাৰণে এটাৰ পাছত আনটো চেলেঞ্জ আহিব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত কোনো আৰ্থিক লেনদেন নকৰিব৷ ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত নোলোৱাই ভাল৷ সংসাৰত অশান্তি থাকিব, ইয়াৰ ফলত মানসিক অশান্তিত ভুগিব৷ আয় কমিব, ইয়াৰ সৈতে খৰচ বাঢ়িব পাৰে৷
ধনু ৰাশি
শনিৰ গোচৰৰ প্ৰভাৱত বেয়া সময় আহিব ধনু ৰাশিৰ জাতকৰ৷ এই সময়ত আৰ্থিকভাৱে সতৰ্ক থকা জৰুৰী৷ আৰ্থিক ক্ষতি হোৱাৰ আশংকা আছে৷ কেৰিয়াৰত সমস্যাৰ মুখত পৰিব৷ কৰ্মক্ষেত্ৰত নানান কাৰণত মনত অশান্তি থাকিব৷ কোনোৱে আপোনাৰ সৈতে প্ৰতাৰণা কৰিব পাৰে৷
কুম্ভ ৰাশি
শনিৰ প্ৰভাৱত মানসিক ক্লান্তি আৰু অৱসাদ বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷ নানান প্ৰতিকূলতাই জুৰুলা কৰিব আপোনাক৷ কৰ্মক্ষেত্ৰতো আপোনাৰ পৰিস্থিতি ভালে নাথাকিব৷ ব্যৱসায়ত আৰ্থিক ক্ষতি হব পাৰে আৰু শত্ৰু বাঢ়িব৷ কঠিন সময়ত ধৈৰ্য্যৰে কাম কৰক৷ ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ পৰিশ্ৰম কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















