শনিৰ সাতি দশাই সকলোৰে মনত আতংকৰ সৃষ্টি কৰে৷ কাৰণ এই দশাই যেতিয়া যি ৰাশিত চলে, নানান সমস্যাই ঘেৰি ধৰে সেই ৰাশিক৷ এবাৰ আৰম্ভ হ’লে সেই দশা সাত বছৰ ধৰি চলে৷ এই সময়ত কেৰিয়াৰত সমস্যা, আৰ্থিক বিপৰ্যয়, অসুখ বিসুখ, দুৰ্ঘটনাৰ আশংকা বাঢ়ি যায়৷ শনিয়ে যেতিয়া যি ৰাশিত থাকে, সেই ৰাশি আৰু তাৰ কাষৰ ৰাশিতো শনিৰ দশাৰ প্ৰভাৱ পৰে৷
বৰ্তমান কুম্ভ ৰাশিত শনি
শনিয়ে এতিয়া কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ বিগত বছৰ ১৭ জানুৱাৰীত শনিয়ে কুম্ভ ৰাশিত প্ৰৱেশ কৰিছিল৷ নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিত নিজৰ স্থান পৰিবৰ্তন কৰে৷ ২০২৪ চনত শনিয়ে কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ সেয়ে বৰ্তমান শনিৰ সাতি দশা চলিছে মকৰ, কুম্ভ আৰু মীন ৰাশিত৷ মীন ৰাশিত চলি থকা শনিৰ দশাৰ প্ৰথম পৰ্যায়ত কুম্ভ ৰাশিত আৰু দ্বিতীয় পৰ্যায়ত মকৰ ৰাশিত চলিছে এই দশাৰ শেষ পৰ্যায়৷
২০২৫ত শনিৰ গোচৰ
আগন্তুক বছৰত নিজৰ স্থান পৰিবৰ্তন কৰিব শনি মহাৰাজে৷ ২০২৫ৰ ২৯ মাৰ্চত শনিয়ে কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ শনিয়ে মীন ৰাশিত গোচৰ কৰাৰ সৈতে মকৰ ৰাশিৰ জাতকে শনিৰ সাতি দশাৰ পৰা মুক্তি পাব৷ ইয়াৰ সৈতে সাতিৰ আওতাত আহিব মেষ ৰাশি৷ শনিয়ে গোচৰ কৰিলে সাতি দশা চলিব কুম্ভ, মীন আৰু মেষ ৰাশিত৷
সাৱধানে থাকক মেষৰ জাতক
সন্মুখত বছৰত শনিৰ চাৰে সাতি দশা আৰম্ভ হ’ব মেষ ৰাশিত৷ সেয়ে মেষ ৰাশিৰ জাতকে এতিয়াৰে পৰাই সাৱধানে চলক বুলি পৰামৰ্শ দিছে জ্যোতিষবীদে৷ পৰবৰ্তী চাৰে সাত বছৰ ধৰি নানান সমস্যাৰ মুখামুখি হ’ব মেষ ৰাশিৰ জাতক৷ এই সময়ত কৰ্মক্ষেত্ৰত বাধাৰ সন্মুখীন হ’ব৷ শনিৰ অশুভ প্ৰভাৱত আৰ্থিক সংকট বাঢ়িব এওঁলোকৰ জীৱনত৷ অসুখ বিসুখত ভূগিব পাৰে আৰু দুৰ্ঘটনাৰ কৱলতো পৰিব পাৰে৷ পদে পদে বাধা বিপত্তিৰ মুখত পৰিব মেষ ৰাশিৰ জাতকসকল৷
এই সময়ত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপুনি সতৰ্ক থাকক৷ টকা ভাৱিচিন্তি খৰচ কৰক৷ বাজে খৰচ কৰিলে তাৰ ফল আপুনি ভূগিব লাগিব৷ এই সময়ত কোনো ধৰণৰ তৰ্ক বিতৰ্কৰ পৰা নিজকে দূৰত ৰাখক মেষ ৰাশিত জাতকে৷ কাকো অন্ধভাৱে বিশ্বাস নকৰিব৷ ৰাস্তাই ঘাটে সাৱধানে চলাফিৰা কৰক৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক৷ ইয়াৰোপৰি মেষ ৰাশিৰ জাতকে প্ৰতি শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেলৰ প্ৰদীপ জ্বলাওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ