জ্যোতিষশাস্ত্ৰ অনুসৰি একমাত্ৰ শনিয়েই এনে এক গ্ৰহ যাৰ চাৰে সাতি আৰু ঢাইয়াই ৰাশিৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়৷ অন্যান্য গ্ৰহৰ ক্ষেত্ৰত কেৱল মহাদশা আৰু অন্তৰ্দশা কাৰ্যকৰ হয়৷ ২০২৫ চনত শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰিছে, আৰু ২০২৭ চনত ই মেষ ৰাশিলৈ যাব৷ ফলত এই সময়ত প্ৰায় আঢ়ৈ বছৰ ধৰি তিনিটা ৰাশিত শনিৰ চাৰে সাতিৰ প্রভাৱ থাকিব৷
২০২৬ চনত শনিৰ চাৰে সাতি
শনিয়ে মীন ৰাশিত অৱস্থান কৰিলে মেষ, কুম্ভ আৰু মীন এই তিনি ৰাশিৰ ওপৰত চাৰে সাতি কাৰ্যকৰ হয়৷ ২০২৫ চন এই ৰাশিসমূহৰ বাবে কঠিন আছিল, কাৰণ শনি-মঙ্গল-সূৰ্যৰ অশুভ যুঁটি তৈয়াৰ হৈছিল৷ ২০২৬ চন তুলনামূলকভাৱে স্বস্তিদায়ক হব, কাৰণ এইবাৰ ইয়াৰ কোনো অশুভ সংযোগ নাই৷
মেষ ৰাশি-২০২৬
মীন ৰাশিৰ বাবে চাৰে সাতিৰ দ্বিতীয় ঢাপ-সকলোতকৈ পৰীক্ষামূলক পৰ্যায়৷
কিছু ক্ষেত্ৰত বাধা আৰু কিছু ক্ষেত্ৰত লাভ দুটাই থাকিব৷
কেৰিয়াৰত ভাৰসাম্য বৰ্তাই ৰাখক৷
শৰীৰত অতিৰিক্ত চাপ নিদিব৷
আৰ্থিকভাৱে বছৰৰ দ্বিতীয় ভাগ বেছি শুভ৷
পাৰিবাৰিক সম্পৰ্কত মাধুৰ্য থাকিব৷
স্বাস্থ্যৰ দিশত বিশেষ নজৰ ৰাখক৷
২০২৬ চনত শনিৰ চাৰে সাতিৰ কাৰণে মেষ, কুম্ভ আৰু মীন ৰাশিৰ বাবে চেলেঞ্জ আৰু সুযোগ দুটাই আহিব৷ কৰোবাত ধৈৰ্য্যৰ পৰীক্ষা, আৰু অগ্ৰগতিৰ দুৱাৰ খুলিব৷ শনি কঠোৰ শিক্ষক৷ এই সময়ত সতৰ্কতা, সৎ, পৰিশ্ৰম, সংযম আৰু বাস্তৱবুদ্ধিয়েই ৰাশিসমূহক সঠিক পথত পৰিচালিত কৰিব৷ যিসকলে স্থিৰ মনোভাৱ লৈ পৰিস্থিতি চম্ভালিব পাৰিব৷ তেওঁলোকৰ বাবে বছৰটোত গুৰুত্বপূৰ্ণ শিক্ষা, স্থিতি আৰু নতুন সম্ভাৱনাৰ পথ তৈয়াৰ কৰিব৷ শেষ পৰ্যন্ত, চাৰে সাতিৰ প্ৰতিটো ঢাপেই জীৱনত শক্তিৰ নতুন অধ্যায় যোগ কৰে আৰু ২০২৬য়ো ব্যতিক্ৰম নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















