২০২৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰী। বিশেষ ৯দিন মা দুৰ্গাৰ নটা ৰূপৰ পূজা কৰা হয়৷ ইতিমধ্যেই তিনিটা ৰূপৰ পূজা সম্পন্ন হৈছে৷ চতুৰ্থ দিনা মা দুৰ্গাৰ চতুৰ্থ ৰূপ মা কুশমাণ্ডা দেৱীক পূজা কৰাৰ পৰম্পৰা আছে। আজি ৬ অক্টোবৰ দেওবাৰ, নৱৰাত্ৰিৰ চতুৰ্থ দিন। কিন্তু এইবাৰ যিহেতু চতুৰ্থী তিথি উদয়তিথিৰ লগত মিল নাই, গতিকে ৬ অক্টোবৰক নৱৰাত্ৰিৰ চতুৰ্থ দিন বুলি গণ্য কৰা নহ’ব। মা কুশমাণ্ডাৰ পূজাৰ সঠিক তাৰিখ, শুভ সময় কেতিয়া জানি থওক সবিশেষ৷
নৱৰাত্ৰিৰ চতুৰ্থ দিন কেতিয়া?
আহিন মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি পুৱা ৭.৪৯ বজাৰ পৰা আৰম্ভ হৈছে৷ এই তিথি থাকিব ৭ অক্টোবৰৰ পুৱা ৯.৪৭ বজালৈকে৷ এই পৰিস্থিতিত সূৰ্য্য উদয়ৰ সময়ত উদয়তিথিৰ অনুপস্থিতিৰ বাবে ৭ অক্টোবৰ নৱৰাত্ৰিৰ চতুৰ্থ দিন হ’ব। সেয়ে ৭ অক্টোবৰত দেৱী কুশমাণ্ডা দেৱীৰ পূজা কৰা হ’ব।
কুশমাণ্ডা দেৱীক পূজা কৰাৰ উপকাৰ
দেৱী কুশমাণ্ডাই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়। কুশমাণ্ডা সংস্কৃত শব্দ৷ শাস্ত্ৰ অনুযায়ী কুশমাণ্ডা দেৱীক সঠিকভাৱে পূজা কৰিলেই মানুহক সকলো ধৰণৰ দুখ আৰু দৰিদ্ৰতাৰ পৰা তেওঁ সকাহ দিয়ে৷ জীৱন সুখেৰে ভৰি পৰে বুলি বিশ্বাস কৰা হয়। দেৱী কুশমাণ্ডা পূজা কৰিলে ঘৰত ধন-সম্পত্তিৰ প্ৰাপ্তিও হয়।
দেৱী কুশমাণ্ডাৰ প্ৰকৃতি কেনেকুৱা?
দেৱী ভাগৱতী পুৰাণৰ মতে মা দুৰ্গাৰ চতুৰ্থ ৰূপ হৈছে দেৱী কুশমাণ্ডা। মাতৃ কুশমাণ্ডাৰ আঠটা বাহু আছে। এখন হাতত মালা আৰু বাকী সাতখন হাতত ধনু, কাঁড়, কমণ্ডলু, পদুম, অমৃত ভৰ্তি পাত্ৰ, চক্ৰ আৰু গদা থাকে৷ তেওঁ সিংহৰ ওপৰত অৱস্থান কৰে।
মাতৃ কুশমাণ্ডাক বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি হোৱা নাছিল আৰু চাৰিওফালে আন্ধাৰ আছিল, তেতিয়া এই দেৱীয়ে নিজৰ ঐশ্বৰিক হাস্যৰস অৰ্থাৎ মৃদু হাঁহিৰে বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছিল। সেইবাবেই ইয়াক বিশ্বব্ৰহ্মাণ্ডৰ আদি ৰূপ বা আদিশক্তি বুলি কোৱা হৈছে। আঠবাহু বিশিষ্ট দেৱী কুশমাণ্ডাই হালধীয়া ৰং ভাল পায়। সেয়ে হালধীয়া পদুম ফুল আগবঢ়াই মাতৃ কুশমাণ্ডাক সন্তুষ্ট কৰিব পাৰিব৷
কুশমাণ্ডা দেৱীৰ পূজা পদ্ধতি
নৱৰাত্ৰীৰ চতুৰ্থ দিনা সূৰ্য্য উদয়ৰ আগতে উঠি স্নান কৰিব লাগে৷ তাৰপিছতেই মা কুশমাণ্ডাৰ পূজা আৰম্ভ কৰক৷ ঘিউৰ দীপ আৰু ধূপ জ্বলাই মা দুৰ্গা চলিছা, দুৰ্গা সপ্তশতিৰ লগতে মা কুশমাণ্ডাৰ মন্ত্ৰ, স্তোত্ৰ আদি পাঠ কৰক। শেষত আনুষ্ঠানিক আৰতিৰ পিছত ভুলৰ বাবে ক্ষমা খুজিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ