পৰহী মেহেন্দীৰে বিবাহ কাৰ্য আৰম্ভ, পাছে পিতৃ উপস্থিত থাকিবনে বিয়াত
২৩ জুনত প্ৰেমিক জহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ খবৰ আহিছে অভিনেত্ৰী সোণাক্ষী সিনহাৰ। তেওঁৰ বিয়াৰ কাৰ্ডো ভাইৰেল হৈ পৰিছে। ২০ তাৰিখে মেহেন্দী পৰ্ব।
অৱশ্যে বিবাহৰ খবৰ নিজে নিশ্চিত কৰা নাই অভিনেত্ৰীগৰাকীয়ে। ইফালে সোনাক্ষীৰ বিবাহক লৈ ক্ষুব্ধ হৈ পৰিছে সোনাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহা। আচলতে শত্ৰুঘ্ন সিনহাক সোনাক্ষীৰ বিয়াৰ কথা সোধাত তেওঁ কৈছিল যে আজিকালি ল’ৰা-ছোৱালীয়ে সুধিব নোৱাৰে, কেৱল খবৰ দিয়ে। মইও বাতৰিত যিমানখিনি পঢ়িছো সিমানেই জানো।
যাৰ বাবে বিভিন্ন মহলাত বিভিন্ন খবৰ বিয়পি পৰিছে। শত্ৰুঘ্ন সিনহাৰ ঘনিষ্ঠ বন্ধু পহলাজ নিহালানীয়ে এক সাক্ষাতত সোনাক্ষীৰ বিবাহ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
কন্যা সোনাক্ষীৰ বিয়াত উপস্থিত থাকিবনে শত্ৰুঘ্ন সিনহা আৰু তেওঁৰ পৰিয়াল? এই প্ৰশ্নৰ উত্তৰত পহলাজে কয়, ‘অৱশ্যেই, কিয় নাথাকিব? কন্যা সোনাক্ষীৰ ওপৰত শত্ৰুঘ্নই বেছি দিন খং কৰিব নোৱাৰে। সোনাক্ষী পিতৃৰ অতিকে প্ৰিয়। বিয়াত উপস্থিত নোহোৱাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। পছন্দ অপচন্দ সকলোৰে নিজা।
শত্ৰুঘ্নই নিজেই ৪০ বছৰ পূৰ্বে নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰাইছিল। মইও বিয়া হোৱাৰ সময়ত মোৰ জীৱন সংগী নিজেই বাছি লৈছিলো। সোনাক্ষীয়ো নিজৰ পছন্দৰ সৈতে বিয়াত বহিব।
শত্ৰুঘ্ন সিনহাৰ মন্তব্য সন্দৰ্ভত পহলাজে ক’লে- ‘নিৰ্বাচনৰ বাবে শত্ৰুঘ্ন সিনহা ৩ মাহ মুম্বাইৰ বাহিৰত আছিল, সেই সময়তেই হয়তো শত্ৰুঘ্ন সিনহাৰ সৈতে কথা বতৰা হৈছিল, সেয়ে তেওঁ এই বিষয়ে নাজানে বুলি ব্যক্ত কৰিছিল’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ