ভাৰতীয় হিন্দু সংস্কৃতিৰ পৃথিৱীত এক সুকীয়া পৰিচয় আছে। ভাৰতৰ হিন্দু ধৰ্মীয় স্থান বিশেষকৈ মন্দিৰসমূহক অলৌকিক বুলি গণ্য কৰা হয়।
হিন্দুসকলে নিজৰ ইচ্ছা পূৰণৰ বাবে ভগৱানৰ ওচৰত প্ৰসাদ দিয়ে। ইয়াৰ বাবে মন্দিৰত ফল-মূল, ফুল, প্ৰসাদ আৰু মিঠাইও আগবঢ়ায়। আনকি আৰাধ্য দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ হিন্দুসকলে মন্দিৰত জীৱ-জন্তুকো বলি দিয়ে৷
উল্লেখ্য যে ভাৰতৰ মন্দিৰবোৰত প্ৰৱেশ কৰাৰ পূৰ্বে ভক্তই ছেণ্ডেল আৰু জোতা খুলিহে লয়। গেটৰ বহু আগতেই চপ্পল আৰু জোতা খুলি লোৱা হয়। অৰ্থাৎ মন্দিৰৰ ভিতৰত জোতা-ছেণ্ডেল পিন্ধাটো সম্পূৰ্ণৰূপেই বাৰণ কৰা হয়৷ আনকি বহু মন্দিৰলৈ বেল্ট আৰু পাৰ্চও কঢ়িয়াই নিব নোৱাৰি।
লগতে পঢ়ক ‘বৃদ্ধি পাইছে ইছলামীকৰণ!’ ১৮০০ খন বিদ্যালয়ত দিয়া হৈছে শুকুৰবৰীয়া বন্ধ
কিন্তু ভাৰতত এনে এটা মন্দিৰ আছে য’ত দেৱীক সন্তুষ্ট কৰিবলৈ ভক্তই জোতা আৰু ছেণ্ডেলহে আগবঢ়ায়৷ সেই মন্দিৰটোত ভক্তসকলে প্ৰসাদ হিচাপে মিঠাই আৰু ফল-মূল নিদিয়ে, জোতা-চপ্পলহে ভগৱানক আগবঢ়ায়। ভক্তসকলে এনে কৰিলেহে আকাংক্ষিত ফল পোৱা যায় আৰু সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰে।
এই মন্দিৰটো আছে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত। মন্দিৰটোলৈ যোৱা সকলো ভক্তই দেৱীক সন্তুষ্ট কৰিবলৈ তেওঁলোকে জোতা আৰু চপ্পলৰ প্ৰসাদ আগবঢ়ায়। কোৱা হয় যে গৰমৰ দিনবোৰত যেতিয়া ভক্তসকলে ইয়ালৈ দৰ্শনৰ বাবে আহে, তেতিয়া তেওঁলোকে জোতা-চপ্পল লৈ যায়।
ইয়াৰ উপৰিও গ্ৰীষ্মকালত ভক্তসকলে জিজি বাই মন্দিৰলৈ গৈ চশমা, টুপী আদি বস্তু দেৱীক আগবঢ়াইছে বুলিও বিশ্বাস কৰা হয়। যিসকল ভক্তই মন্দিৰলৈ যোৱাৰ পিছত জোতা-চপ্পল আগনবঢ়াই তেওঁলোকৰ ধৰ্মীয় যাত্ৰা আধৰুৱা বুলি বিশ্বাস কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ