শুকুৰবাৰে লোকসভাত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ নিশিকান্ত ডুবেই দাবী কৰে যে ঝাৰখণ্ডৰ ১৮০০ খন বিদ্যালয়ে দেওবাৰৰ পৰিৱৰ্তে শুকুৰবাৰে বন্ধ দিয়া হৈছে৷ এই কাণ্ডই দেশখন যে ‘ইছলামীকৰণ’ৰ দিশত আগবাঢ়িছে তাৰেই প্ৰমাণ কৰিছে বুলিও দাবী কৰিছে সাংসদকাৰীয়ে।
সংসদৰ শূন্যকালত সময়ত এই বিষয়টো উত্থাপন কৰি তেওঁ কয় যে বিষয়টো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এন আই এ) তদন্ত কৰিব লাগে যাতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব পৰা যায়।
সাংসদ ডুবেই কয় যে ‘ঝাৰখণ্ডত ঘটি থকা ইছলামীকৰণৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰিছো। ৰাজ্যৰ একাংশ জিলাত জনসংখ্যাৰ ভাৰসাম্য সলনি হৈছে।’
লগতে পঢ়ক ‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?
সাংসদগৰাকীৰ দাবী যে ঝাৰখণ্ডত এনে ১৮০০খন বিদ্যালয় আছে যিবোৰে তেওঁলোকৰ নামত উৰ্দু শব্দটো ব্যৱহাৰ কৰা হৈছে। এই বিদ্যালয়সমূহত দেওবাৰ বন্ধৰ দিন নহয়, কিন্তু শুকুৰবাৰেহে বন্ধ দিয়া হয়।
বিজেপিৰ সাংসদগৰাকীয়ে কয় যে ‘‘দেশখন ইছলামীকৰণৰ দিশে আগবাঢ়িছে। ঝাৰখণ্ডে সেই বাট মুকলি কৰি আছে। NIAএ ইয়াৰ তদন্ত কৰিব লাগে। ইয়াৰ দ্বাৰা এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা উচিত। ইয়াক কোনো মূল্যৰ বিনিময়ত সহ্য কৰা নহ’ব।’’
বিজেপিৰ সাংসদ জয়ন্ত সিনহাই ঝাৰখণ্ডৰ পিছপৰা বিষয়টো উত্থাপন কৰি কয় যে উন্নয়নৰ আটাইবোৰ পেৰামিটাৰত ৰাজ্যখন যে অতি পিছপৰা সেয়া প্ৰমাণ হৈছে। তেওঁ কয় যে, “ৰাজ্যখনে নিজৰ জনসাধাৰণক গৱেষণা, সুযোগ আৰু দক্ষতা বিকাশৰ ব্যৱস্থা কৰাত ব্যৰ্থ হৈছে৷ ঝাৰখণ্ডত মাত্ৰ ৭-৮টা নতুন ষ্টাৰ্ট-আপ পঞ্জীয়ন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিব লাগে যে ৰাজ্য চৰকাৰে ইয়াৰ কাম-কাজ উন্নত কৰিব লাগে।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ