পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত কমেও ১০ গৰাকী নাবালক শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বুধবাৰে মাদ্ৰাছাৰ এগৰাকী শিক্ষকক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে এই কথা সদৰী কৰে৷
মাদ্ৰাছাৰ ছাত্ৰসকলৰ অভিভাৱকে এফআইআৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰে। শিক্ষক বছিৰে শিক্ষাৰ্থীসকলক বলপূৰ্বকভাৱে মাদ্ৰাছাৰ নিজৰ কোঠালৈ নি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষী বিষয়া আখতাৰ ফাৰুক বুধবাৰে জনোৱা মতে, লাহোৰৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দূৰত থকা ছাদিকাবাদ ৰহিম য়াৰ খানৰ ‘ভুট্টা ৱাহান’ অঞ্চলত অভিযুক্ত কাৰী বছিৰে যোৱা দুমাহৰ ভিতৰত নাবালক শিক্ষাৰ্থীকেইগৰাকীক নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰিছে।
লগতে পঢ়ক হিন্দু যুৱকৰ সৈতে মুছলমান যুৱতীৰ বিবাহ! প্ৰাণৰ শংকাত ভুগিছে দম্পতীয়ে!
ইয়াৰ পিছতে আৰক্ষীয়ে মাদ্ৰাছা শিক্ষকগৰাকীক জিম্মাত লৈছে। ইফালে ভুক্তভোগী শিক্ষাৰ্থীসকলক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
আৰক্ষী বিষয়া ফাৰুকে কয়, ‘‘আমি আহ্বান জনাইছো যে যিসকল শিক্ষাৰ্থীয়ে যৌন নিৰ্যাতনৰ বলি হৈছে তেওঁলোকে আৰক্ষীক অৱগত কৰক৷’’
ইফালে যৌন নিৰ্যাতন চলোৱাৰ পাছতে শিক্ষাৰ্থীসকলক সেই কথা গোপনে নাৰাখিলে শিক্ষকগৰাকীয়ে হত্যাৰ কৰাৰো ভাবুকি প্ৰদান কৰা বুলি এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰিছে৷
বিষয়াগৰাকীয়ে কয় যে অভিযুক্তক জেৰা চলাই থকা হৈছে আৰু ভুক্তভোগীৰ সংখ্যা শিক্ষাৰ্থীৰ সংখ্যা ১০ গৰাকীতকৈ অধিক হ’বও পাৰে। পৰৱৰ্তী তদন্তৰ বাবে বছিৰক চাৰিদিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ