৩৫ বছৰৰ পাছত মানচেষ্টাৰত ৰেকৰ্ড গিলৰ, দ্বিতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰ
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত ভাৰতীয় ক্ৰিকেট দলৰ যুৱ অধিনায়ক শুভমান গিলে ভাল প্ৰদৰ্শন কৰি আছে। মানচেষ্টাৰ টেষ্টৰ দ্বিতীয় ইনিংছত গিলে কেৱল উজ্জ্বল শতক অৰ্জন কৰি দলক শক্তিশালী স্থানত উপস্থাপন কৰাই নহয়, নিজৰ নামত এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
ইংলেণ্ডৰ বিৰুদ্ধে খেলা এই চিৰিজখনৰ গিলৰ এয়া চতুৰ্থ শতক। এই শতক অৰ্জন কৰাৰ লগে লগে গিলে একেলগে দুটাকৈ ৰেকৰ্ডৰ অধিকাৰী হয়।
৩৫ বছৰৰ পাছত মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগনিত হৈছে। শচীন তেণ্ডুলকাৰৰ পিছত এই খেলপথাৰত শতক অৰ্জন কৰা গিল দ্বিতীয়গৰাকী ভাৰতীয় তথা অধিনায়ক।
বৰ্তমানে কিছু চিন্তাত ভাৰতীয় দল। কাৰণ প্ৰথম ইনিংছত ভাৰতীয় দলে আঘাতৰ বাবে কেইবাগৰাকী খেলুৱৈ বাদ দিব লগা হয়, শেষত ৩৫৮ত ইনিংছ সামৰে। আনহাতে ইংলেণ্ডে ভাল প্ৰদৰ্শন কৰি ৬৬৯ ৰান সংগ্ৰহ কৰি আগবাঢ়ে। বৰ্তমানে ভাৰতে দ্বিতীয় ইনিংছ খেলি আছে। ৪ টা উইকেট হেৰুৱাই ২৫১ ৰান সংগ্ৰহ কৰিছে। কিন্তু তথাপি ইংলেণ্ডতকৈ ৬০ ৰান পিছ পৰি আছে।
গিলৰ ৰেকৰ্ডৰ কথা কবলৈ গ’লে ৩৫ বছৰৰ পিছত গিলে ভাৰতীয় খেলুৱৈ হিচাপে এই শতক লাভ কৰিছে। গিলৰ পূৰ্বে মানচেষ্টাৰত ১৯৯০ চনত শচীনে প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে শতক অৰ্জন কৰিছিল। অৰ্থাৎ ৩৫ বছৰৰ পাছত এজন ভাৰতীয়ই এই কৃতিত্বৰ পুনৰাবৃত্তি কৰিবলৈ সক্ষম হয়।
একে সময়তে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত শতক অৰ্জন কৰাটো ভাৰতীয় অধিনায়কসকলৰ বাবে সদায় এক প্ৰত্যাহ্বান হৈ আহিছে। ইয়াৰ পূৰ্বে ১৯৯০ চনত মহম্মদ আজহাৰুদ্দিনে এই খেলপথাৰত অধিনায়ক হিচাপে শতক অৰ্জন কৰিছিল। ৩৫ বছৰৰ পাছত এই খৰাং পৰিস্থিতিৰ অন্ত পেলাই গিলে ইতিহাসৰ সৃষ্টি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















