বৈদিক জ্যোতিষ অনুসৰি শুক্ৰ এক শক্তিশালী গ্ৰহ৷ আৰু এই গ্ৰহই আগন্তুক ৮ মে’ত নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ সেইদিনাই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই৷ আৰু শুক্ৰৰ মঙ্গলৰ ৰাশিত প্ৰৱেশৰ ফলত কিছু ৰাশিৰ জীৱনলৈ আহিব ভাল সময়৷ এই সকলো ৰাশিৰ জাতক আৰু জাতিকাই ভাগ্যৰ সংগ পাব৷ ধনৰ অভাৱ দূৰ হব৷ চাকৰিত উন্নতিৰ যোগো তৈয়াৰ হব পাৰে৷
জ্যোতিষ গণনাই কৈছে যে ৮ মে’ৰ নিশা ৯বাজি ৫১ মিনিটত শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ই ২০ মে পৰ্যন্ত এই নক্ষত্ৰতেই থাকিব৷ তাৰপিছতেই আকৌ নক্ষত্ৰ পৰিবৰ্তন কৰিব এই ৰাশিয়ে৷ যাৰ ফলত তিনি ৰাশিৰ ভাল সময় আৰম্ভ হব৷ জানি থওক লাকী ৰাশি কি কি?
সিংহ ৰাশি
শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে ভাল সময় কঢ়িয়াই আনিব৷ এই নক্ষত্ৰ গোচৰত চাকৰি লাভ হব পাৰে৷ আনকি প্ৰমোছনৰো আশা আছে৷ বহু দিন ধৰি ৰৈ থকা ধন এইবাৰ লাভ কৰিব৷ সম্পত্তি লাভৰ সম্ভাৱনা প্ৰৱল৷ এই সময়ত আয়ৰ নতুন পথ খুলিব৷ কাৰ্যক্ষেত্ৰত আৰু বেছি পৰিশ্ৰমৰ প্ৰয়োজন হব পাৰে৷ উন্নতি নিশ্চিত৷ কোনোৱো আপোনাৰ উন্নতিত বাধা হব নোৱাৰিব৷
কন্যা ৰাশি
এই নক্ষত্ৰ গোচৰত কন্যা ৰাশিৰ জাতকৰ বাবে ভাগ্য খুলিব৷ এই সময়ত ভাগ্যৰ সংগ পাব৷ ভাগ্যৰ কৃপাত জীৱনত উন্নতি হব৷ এই সময়ত যি কামতেই হাত দিব তাতেই আগুৱাই যাব৷ সকলোক্ষেত্ৰতে সফল হব৷ কিছু কাম কৰিব৷ জীৱনত মান আৰু সন্মান বৃদ্ধি পাব পাৰে৷ ভাল সময় কটোৱাৰ বাবে সাজু হওক৷ ভাৱিচিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব৷
বৃশ্চিক ৰাশি
এই ৰাশিৰ জাতক আৰু জাতিকাই ভাল সময় কটাব৷ আপোনাৰ বিবাহিত জীৱন সফল হব৷ বহু সমস্যাৰ সমাধান হব৷ কামৰ স্থানত ভাল ফল পাব৷ ধন হাতলৈ আহিব৷ প্ৰমোচন হব পাৰে৷ বহু দিন ধৰি যি কাম কৰিছে তাত সাফল্য পাব৷ ইয়াৰোপৰি ব্যৱসায়তো নিশ্চিন্ত ফল লাভ কৰিব৷ চিন্তাৰ কাৰণ নাই৷ গল্ডেন টাইম কটাবলৈ সাজু হওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















