সম্পদ, বিলাসিতা আৰু প্ৰেমৰ প্ৰতীক শুক্ৰ৷ ৰাশিচক্ৰত শুক্ৰ শক্তিশালী হ’লে বা শুভ স্থানত থাকিলে তাৰ সুফল পায় জাতকে৷ শুক্ৰৰ আশীৰ্বাদত জীৱনত বস্তুগত সুখো লাভ কৰিব পাৰে৷ শুক্ৰ অস্ত গ’লে কোনো শুভ কাম কৰা বেয়া বুলি ধাৰণা কৰা হয়৷ বিগত ৩১ ডিচেম্বৰত ২০২৫ত অস্ত গৈছিল শুক্ৰ৷ আকৌ ১ফেব্ৰুৱাৰী ২০২৬ত মকৰ ৰাশিত উদিত হব শুক্ৰ৷ শুক্ৰ উদিত হোৱাৰ পাছত গৃহপ্ৰৱেশৰ দৰে শুভ কাম আৰম্ভ কৰিব পাৰি৷ শুক্ৰ উদয়ৰ শুভ প্ৰভাৱত বিশেষকৈ ৪ৰাশিৰ জাতকে জীৱনত লাভৱান হ’ব? লাকী ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
বৃষ ৰাশিৰ কৰ্তা শুক্ৰ গ্ৰহ৷ শুক্ৰৰ উদয়ে এই ৰাশিৰচক্ৰৰ বাবে অত্যন্ত শুভ হব৷ সম্পদ আৰু সম্পত্তি বৃদ্ধি পাব৷ একাধিক উৎসৰ পৰা অৰ্থ লাভ হব৷ অবিবাহিত ব্যক্তিলৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ শুক্ৰৰ প্ৰভাৱত ব্যক্তিত্বত আকৰ্ষণ বৃদ্ধি পাব৷
মিথুন ৰাশি
শুক্ৰৰ উত্থান মিথুন ৰাশিৰ বাবে উপকাৰী হব৷ নতুন সম্পত্তি, ঘৰ বা মাটি ক্ৰয়ৰ সম্ভাৱনা আছে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ আপোনাৰ প্ৰতি অন্যসকলৰ আকৰ্ষণ বৃদ্ধি পাব৷ সংগীৰ সৈতে ভাল সময় কটাব৷ সম্পৰ্কত ৰোমান্স বৃদ্ধি পাব৷
তুলা ৰাশি
তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ শুক্ৰ উদয় হলে এই জাতকৰ বাবে আৰাম আৰু বিলাসিতা কঢ়িয়াই আনিব৷ সম্পদ বৃদ্ধি পাব৷ আপুনি নতুন বাহন বা কোনো মূল্যৱান সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ কোনো গুৰুত্বপূৰ্ণ কাম সম্পন্ন হব পাৰে৷ সামগ্ৰিকভাৱে এই সময় তুলা ৰাশিৰ বাবে শুভ হব৷
মকৰ ৰাশি
শুক্ৰৰ উত্থান মকৰ ৰাশিৰ জাতকৰ বাবে অত্যন্ত উপকাৰী আৰু শুভ হব৷ পুৰণি কোনো বিনিয়োগৰ পৰা উল্লেখযোগ্য লাভ কৰিব৷ আপুনি নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ ব্যৱসায়ীসকলৰ লাভ বৃদ্ধি হব৷ আপোনাৰ ঘৰলৈ সুখ আহিব৷ পুৰণি সমস্যাৰ সমাধান হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















