অৱশেষত জামিন লাভ কৰিলে প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা SI জোনমণি ৰাভা৷
শুকুৰবাৰে মাজুলীৰ সত্ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে SI জোনমণি ৰাভাক জামিন প্ৰদান কৰিছে৷
জামিন লাভ কৰাৰ পিছতে ১ মাহ ৪ দিনৰ অন্তত মাজুলী জিলা কাৰাগাৰৰ পৰা মুকলি আকাশলৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল৷
লগতে পঢ়ক আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ
উল্লেখ্য যে ভাবী স্বামী ৰাণা প’গাগৰ সৈতে জোনমণি ৰাভাই বহু লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল৷ তেওঁলোকৰ বিৰুদ্ধে অ’এনজিচিত কাম দিয়াৰ টোপ দি লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে৷
ইতিমধ্যে এই সংক্ৰান্তত মাজুলীৰ তিনিজন লোকে জোনমণি ৰাভাৰ বিৰুদ্ধেও মাজুলীৰ গড়মূৰ থানাত গোচৰ ৰুজু কৰিছিল৷
ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মা, অজিত বৰাই যোৱা ১০ মে’ত আৰু ৰঞ্জন কুটুমে যোৱা ১৩ মে’ত গড়মূৰ থানাত ৰুজু কৰা ক্ৰমে ২০/২২, ২১/২২ইউ/এছ ১২০(বি)/১৭০/৪০৬/৪১৯/৪২০/৪৬৮/৪৭১/৪৭২ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২২/২২ ইউএছ ১২০-বি/১৭০/৪০৬/৪১৯/৪২০ ধাৰাৰ গোচৰৰ ভিত্তিত যোৱা ৪ জুনত জোনমনি ৰাভাক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ