অসম লাইভ ২৪ঃ চিকিৎসালয়ত ভৰ্তি অভিনেত্ৰী শ্বেহনাজ গিল৷ সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে হঠাৎ অসুস্থ হৈ পৰে প্ৰেমিকা শ্বেহনাজ গিল৷ সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰে শ্বেহনাজ পিতৃ সন্তোষ সিঙে৷ বিগ বছ ছিজন-১৩ত সিদ্ধাৰ্থ শুক্লাৰ সহযোগী আছিল শ্বেহনাজ গিল৷ দুয়োৰে যুটি অতি জনপ্ৰিয় আছিল অনুৰাগীৰ মাজত৷ পাছত দুয়োৰে বিবাহৰ সিদ্ধান্তত সুখী হৈছিল অনুৰাগী৷ কিন্তু দুয়োৰে সপোনবোৰ পূৰণ হোৱাৰ পূৰ্বেই সকলোকে কন্দুৱাই হঠাৎ পৃথিৱীৰ পৰা চিৰবিদায় মাগিলে অভিনেতাগৰাকীয়ে৷ আজি পুৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাৱটি লয় সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা তথা বিগ বছ ছিজন-১৩ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাই৷ এই খবৰ পোৱাৰ পাছতেই শ্বুটিং আধাতে সামৰে শ্বেহনাজে৷ বৰ্তমানো সুস্থ হোৱা নাই অভিনেত্ৰীগৰাকী৷ সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ খবৰে শোকত ম্ৰিয়মাণ কৰা অনুৰাগীক এতিয়া স্বেহনাজ গিলৰ অসুস্থতাৰ খবৰে অধিক মৰ্মাহত কৰি তুলিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ