গ্ৰীষ্মকালত কেঁচা আমত নিমখ-জলকীয়া লগাই খোৱাৰ মজা সুকীয়া। সকলোৱে জুতি লগাই আমৰ সোৱাদ ল’ব বিচাৰে। পকা আমৰ লগতে কেঁচা আম বহুতৰে প্ৰিয়। কেঁচা আম খালে স্বাস্থ্যৰ কিছু উপকাৰ পোৱা যায় যদিও ইয়াৰ কিছু অপকাৰ নথকা নহয়। ইয়াক খালে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।
কেঁচা আমৰ অপকাৰিতা
- কেঁচা আমত আঁহৰ পৰিমাণ বেছি। সেয়ে ইহঁতৰ অধিক পৰিমাণে খালে পেটৰ বিষ হ’ব পাৰে। আপুনি ডায়েৰিয়া, পেট ফুলা, পেটৰ বিষ, ক্ৰেম্প, গেছ আদি অনুভৱ কৰিব পাৰে।
- অত্যধিক কেঁচা আম খালে শৰীৰৰ তাপ বৃদ্ধি পাব পাৰে, কাৰণ ইয়াৰ উষ্ণতা প্ৰভাৱ পৰে। ইয়াৰ ফলত মুখৰ আলচাৰ আৰু ওঁঠৰ চাৰিওফালে ফোহা ওলাব পাৰে।
- কিছুমান মানুহৰ তেজত চেনিৰ মাত্ৰা কম হয়। কেঁচা আম খোৱাৰ ফলত তেজত চেনিৰ মাত্ৰা আৰু অধিক হ্ৰাস পোৱাৰ লগতে সমস্যা আৰু অধিক ভয়াৱহ হ’ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ লৈহে কেঁচা খাব লাগে।
- কেঁচা আম আপোনাৰ দাঁতৰ বাবে অতি ক্ষতিকাৰক। ইয়াত থকা অতিৰিক্ত টেঙাই আপোনাৰ দাঁতৰ ক্ষতি কৰিব পাৰে, সংবেদনশীলতা আৰু বিষৰ সৃষ্টি কৰিব পাৰে। যিসকলে ইতিমধ্যে বিষ, জিনজিনাই থকা, বা পাইঅ’ৰিয়াত ভুগিছেতেওঁলোকে কেঁচা আম খোৱাৰ পৰা বিৰত থাকিব লাগে।
- ডিঙিৰ সংবেদনশীল লোকেও কেঁচা আম খোৱাৰ পৰা বিৰত থাকিব লাগে, কিয়নো ইয়াৰ ফলত সংক্ৰমণ হব পাৰে। কাহ, চৰ্দি বা ডিঙিৰ লগত জড়িত আন কোনো সমস্যা থাকিলে কেঁচা আম পৰিহাৰ কৰিব লাগে। বিশেষজ্ঞসকলে কেঁচা আমৰ চাটনি বা আমৰ পান্না সীমিত পৰিমাণত সেৱন কৰাটো নিৰাপদ বুলি মত প্ৰকাশ কৰিছে।
অস্বীকাৰ: এই লেখাত উল্লেখ কৰা পদ্ধতি, উপায় আৰু পৰামৰ্শ অনুসৰণ কৰাৰ আগতে চিকিৎসক বা সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















