দেওবাৰে দিন দুপৰতে ৰাজপথত পাঞ্জাৱী কণ্ঠশিল্পী সিদ্ধু মুছৱালাক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইফালে শিল্পীগৰাকীৰ শোকস্তব্ধ অনুৰাগীয়ে তেওঁৰ হত্যাকাণ্ডৰ বাবে পঞ্জাৱৰ আম আদমি পাৰ্টিৰ ভগৱন্ত মান চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে৷
গুলীবিদ্ধ হৈ মৃত্যু বৰণ কৰা মাত্ৰ ২৮ বছৰীয়া পাঞ্জাৱী ৰেপাৰ কণ্ঠশিল্পীগৰাকী কেৱল সংগীতৰ বাবেই সংবাদ শিৰোনাম দখল কৰি চৰ্চা লাভ কৰা নাছিল।
প্ৰকৃত নাম শুভদীপ সিং সিদ্ধু মুছৱালাৰ জন্ম হৈছিল ১৯৯৩ চনত পঞ্জাৱৰ মানছা জিলাৰ মানছা নামৰ গাঁওখনত। তেওঁৰ মাতৃ গাঁৱৰ সৰপঞ্চ আৰু দেউতাক এজন প্ৰাক্তন সেনা আছিল। কংগ্ৰেছ নেতাগৰাকীয়ে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰিছিল। কলেজতে তেওঁ সংগীতৰ ক্ষেত্ৰখনত পদাৰ্পণ কৰি আৰু পিছলৈ কানাডালৈ গুচি যায়।
লগতে পঢ়ক শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?
ইনষ্টাগ্ৰামত ৮১ লাখ ফ’ল’ৱাৰ থকা ২৮ বছৰীয়া সিদ্ধুৱে প্ৰায়ে ভিডিঅ’ আৰু ফ’টোত মাৰণাস্ত্ৰ লৈ পোজ দিয়া দেখা গৈছিল, যাৰ বাবে বিভিন্ন সময়ত তেওঁ সমালোচিত হৈ আহিছিল৷ আনকি তেওঁৰ বিৰুদ্ধে বন্দুক–সংস্কৃতিৰ প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ৰাইফলৰ গুলী চলোৱাৰ ছবি ভাইৰেল হোৱাৰ পিছতে তেওঁৰ বিৰুদ্ধে গোচৰো তৰা হৈছিল।
কেন্দ্ৰীয় চৰকাৰে বাতিল কৰা তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে আৰম্ভ কৰা আন্দোলনৰ তেওঁ সমৰ্থক হোৱাৰ লগতে এক দৃঢ় কণ্ঠস্বৰো আছিল৷
এই জনপ্ৰিয়তাৰ বাবেই মুছৱালাক দলত যোগদান কৰোৱাইছিল কংগ্ৰেছে। সদ্য পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত মানছাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সিদ্ধু মুছৱালাই আপৰ বিজয় চিংলাৰ হাতত পৰাস্ত হৈছিল।
লগতে পঢ়ক মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?
মুছৱালাৰ মৃত্যুৰ পিছতে গেংষ্টাৰ লৰেন্স বিষ্ণই গোটে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পোষ্টত অভিযোগ কৰা হৈছে যে গায়কজনে যুৱ আকালি দলৰ নেতা বিক্ৰমজিৎ সিঙৰ হত্যাকাৰীক আশ্ৰয় দিছিল।
ইফালে গেংষ্টাৰে মুছৱালাক মৃত্যুৰ ভাবুকি দিয়াৰ বাবে পঞ্জাৱৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে তেওঁক চাৰিজন সশস্ত্ৰ জোৱানৰ নিৰাপত্তা আৱৰণ প্ৰদান কৰিছিল।
কিন্তু তেওঁক গুলীয়াই হত্যা কৰাৰ এদিনৰ পূৰ্বে আম আদমিৰ ভগৱন্ত মানৰ চৰকাৰে অন্য ভিভিআইপিৰ সৈতে সিদ্ধু মুছৱালাৰ নিৰাপত্তাৰক্ষীৰ পৰিমাণ হ্ৰাস কৰিছিল। মুছৱালাক দুজন নিৰাপত্তাৰক্ষীৰ সুৰক্ষা আছিল যদিও তেওঁক গুলীয়াই হত্যা কৰাৰ সময়ত মুছৱালাই নিৰাপত্তাৰক্ষীৰ অবিহনে গাড়ীৰে ক’ৰবালৈ উলাই গৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ