বৰ্তমান মিউচুৱেল ফাণ্ডৰ SIP বিনিয়োগৰ এক জনপ্ৰিয় মাধ্যম৷ এছ আইপিৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ উত্তৰোত্তৰ বাঢ়িছে৷ বৰ্তমান সময়ত SIP বিনিয়োগৰ এক জনপ্ৰিয় মাধ্যম৷ বহুতেই এতিয়া প্ৰতিমাতে SIP ত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে৷ কিন্তু মিউচুৱেল ফাণ্ড বজাৰৰ সৈতে যুক্ত৷ সেয়ে তাৰ পৰা নিশ্চিত ৰিটাৰ্ণ আশা কৰিব নোৱাৰি৷ বিগত কেইবাবছৰৰ পৰিসংখ্যাত দেখা গৈছে SIP ত গড়ে ১২শতাংশ ৰিটাৰ্ণ পাইছে বিনিয়োগকাৰীয়ে৷
অধিকাংশ ইক্যুইটি ফাণ্ডত ২০২৩ চনৰ ৰিটাৰ্ণ ৫০শতাংশতকৈ বেছি আছিল৷ ভৱিষ্যতে একেই হাৰত ৰিটাৰ্ণ পাব বুলি অৱশ্যে ক’ব নোৱাৰি৷ কিন্তু বিগত বছৰত বহু মিউচুৱেল ফাণ্ডত ৪০শতাংশতকৈ বেছি ৰিটাৰ্ণ দিয়া হৈছে৷ মাত্ৰ ৫০০ টকা দিয়েই আপুনি SIP খুলিব পাৰে৷ লেথাৰিকৈ বিনিয়োগ কৰি গ’লে ২৫ বছৰত কোটি টকাৰ ৰিটাৰ্ণ পাব পাৰে৷ বেছিভাগ মিউচুৱেল ফাণ্ডত নুন্যতম ৫০০ টকা দিয়েই বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ বিচাৰিলে বিনিয়োগৰ পৰিমাণ বৃদ্ধিও কৰিব পাৰে৷
SIPত প্ৰতিমাহে ১০০০০ টকাকৈ যদি বিনিয়োগ কৰে তেন্তে ২০ বছৰ কিমান টকা লাভ কৰিব? যিসকলৰ দিঘলীয়া বিনিয়োগৰ পৰিকল্পনা আছে তেওঁলোকৰ বাবে উৎকৃষ্ট বিকল্প SIP ৷ কাৰণ মিউচুৱেল ফাণ্ডৰ SIP ক দীঘলীয়া সময়ৰ বিনিয়োগৰ ক্ষেত্ৰত এক বিকল্প বুলি কোৱা হয়৷
SIPত প্ৰতিমাহে ১০০০০ টকাকৈ যদি ২০ বছৰৰ আববে বিনিয়োগ কৰে তেন্তে কিমান ৰিটাৰ্ণ লাভ কৰিব সেয়া নিশ্চয় বহুতেই জানিবলৈকে এই প্ৰতিবেদন পঢ়ি আছে৷ যদি SIP ত বছৰি ১২শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২০ বছৰত মুঠ ৯৯.৯১ লাখ টকাৰ কৰপাছ গঢ়ি তুলিব পাৰে৷ SIP য যদি ১৫ শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২০ বছৰত মুঠ ১.৫১ কোটি টকাৰ কৰপাছ গঢ়ি তোলা সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ