ডিজিটেল ডেস্কঃ লক্ষ্য যদি স্থিৰ হয়, আত্মবিশ্বাস যদি দৃঢ় হয়, তেন্তে কোনেও আপোনাৰ লক্ষ্যপ্ৰাপ্তিত বাধা দিব নোৱাৰে। তাৰেই জলন্ত উদাহৰণ শীতলা দেৱী। দুয়োখন হাত নথকাৰ স্বত্ত্বেও শীতলা দেৱীৰ সাহস, ধৈৰ্যক সমগ্ৰ বিশ্বই শলাগিছে। হাত নাথাকিলেও ভৰিয়েই আৰ্চাৰীৰ দৰে জটিল প্ৰতিযোগিতাত শীতলা দেৱীয়ে বিশ্বত উজ্বলাইছে দেশৰ নাম। শীতলা দেৱীৰ এই সাহসক সন্মান প্ৰদৰ্শন কৰিয়েই শেহতীয়াকৈ এই অদম্য খেলুৱৈগৰাকীক প্ৰদান কৰা হল অৰ্জুন বটাঁ। মঙলবাৰে ৰাষ্ট্ৰপতিয়ে শীতলা দেৱীক প্ৰদান কৰে অৰ্জুন বটাঁ।
জন্মু-কাশ্মীৰত জন্মগ্ৰহণ কৰা শীতলা দেৱীয়ে ২০২৩ৰ পেৰা এচিয়ান গেমছত আৰ্চাৰীত ভাৰতলৈ আজুৰি আনিছিল ৩টাকৈ সোণৰ পদক। শাৰিৰিক বাধাগ্ৰস্থতাক নেওচি শীতলা দেৱীক সেই সময়ত নৰেন্দ্ৰ মোডীয়ে ব্যক্তিগতভাৱে লগ ধৰি উতসাহ প্ৰদান কৰিছিল। মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনতো শীতলা দেৱীক অৰ্জুন বটাঁ প্ৰদান কৰা মূৰ্হুতত চাৰিওফালে হাত চাপৰিৰ শব্দ শুনা গল।
অৰ্জুন বটাঁ লাভ কৰাৰ পাছতে শীতলা দেৱীক অভিনন্দন জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। সামাজিক মাধ্যমত তেওঁ অভিনন্দন জ্ঞাপন দি লিখিছে– I am extremely inspired by the journey of Sheetal Devi. Her accomplishment is a testament that resolute will power is the strongest force in the planet. Many Congratulations as she is bestowed with Arjuna Award.
এই লিংকত ক্লিক কৰি চাওক VIDEO-
উল্লেখ কৰা প্ৰয়োজন যে, শীতলা দেৱীৰ জন্ম হৈছিল জন্মু-কাশ্মীৰৰ কিশৱাড় জিলাৰ লাইধাৰ গাঁৱত। শীতলাৰ পিতৃ এগৰাকী খেতিয়ক। সৰুৰে পৰাই শাৰিৰিকভাৱে অতিকৈ কমজোৰ শীতলা দেৱীৰ শাৰিৰিক বিকাশ বয়সৰ সৈতে হোৱা নাছিল। শাৰিৰিক এই বাধাগ্ৰস্থতাৰ নেওচিও অদম্য সাহসৰ বাবেই আজি কোটি কোটি জনৰ বাবে সাহসৰ উতস হৈছে শীতলা দেৱী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ