অসম লাইভ২৪ঃ দিনে ৫ ঘণ্টাতকৈ কম টোপনি হোৱা লোকসকল সাৱধান হওক৷ টোপনি কম হোৱা লোকৰ কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ আশংকা বৃদ্ধি পায়৷ ইউৰোপিয়ান হাৰ্ট জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত কোৱা অনুসৰি দিনে ৫ ঘণ্টতকৈ কম টোপনি হোৱা ব্যক্তিৰ হৃদৰোগৰ আশংকা বাঢ়ি যায়৷ টোপনি কম হোৱাৰ ফলত উচ্চ ৰক্তচাপ, ডায়বেটিছ, মেদবহুলতাকে ধৰি বহুকেইটা ৰোগে আক্ৰমণ কৰিব পাৰে৷
পেৰিফেৰেল ধমনী ৰোগ কি?
এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ধমনীত চৰ্বি জমা হয়৷ চৰ্বিৰ ফলত ভৰি আৰু হাতলৈ তেজৰ প্ৰবাহ ব্যাহত হৈ পৰে৷ প্ৰান্তীয় ধমনী ৰোগৰ লক্ষণ হৈছে ভৰিৰ তলুৱাত জঠৰতা, কঁকালৰ বিষ, ভৰিৰ ছালৰ ৰং সলনি হোৱা, ভৰিৰ নোম সৰি যোৱা আদি লক্ষণে দেখা দিয়ে৷ ৬.৫০ লাখ লোকৰ ওপৰত কৰা গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি ধমনী ৰোগত আক্ৰান্ত ৰোগীৰ বেছিভাগেই টোপনি কমৰ বাবে আক্ৰান্ত হৈছে৷ নিশাৰ ভাগত টোপনি কম হোৱাৰ বাবেই এই ৰোগ হয়৷
উচ্চৰক্তচাপ আৰু ডায়বেটিছৰ আশংকা
অধ্যয়নত পোৱা অনুসৰি ৫ ঘণ্টাতকৈ কম টোপনি হোৱা লোকৰ উচ্চৰক্তচাপ, ডায়বেটিছ আৰু মেদবহুলতাৰ আশংকা বেছি৷ অপৰ্যাপ্ত টোপনিৰ ফলত শৰীৰত প্ৰদাহ হ’ব পাৰে, যি ৰক্তনলীবোৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। স্বাস্থ্য ভালে ৰাখিবলৈ এজন সুস্থলোকে কমেও ৮ ঘণ্টা শুব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ