মুকেশ খান্নাৰ ওপৰত ক্ৰোধ বৰষিল সোনাক্ষী সিন্হাৰ, সামাজিক মাধ্যম যোগে প্ৰত্যুত্তৰ
বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হাৰ সামাজিক মাধ্যমৰ এটা পোষ্ট ভাইৰেল হৈ পৰিছে। শক্তিমানখ্যাত অভিনেতা মুকেশ খান্নাৰ ওপৰত ক্ৰোধ বৰষিল অভিনেত্ৰী সোনাক্ষীৰ। সামাজিক মাধ্যমৰ পোষ্টত মুকেশ খান্নাক টানকৈ কয় অভিনেত্ৰীগৰাকীয়ে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি সোনাক্ষীয়ে অমিতাভ বচ্চনৰ ‘কৌন বনেগা কড়োৰপতি’ অনুষ্ঠানৰ এটা শ্বোত অংশ লৈছিল। সেই অনুষ্ঠানৰ পাছে এটা প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল সোনাক্ষী। সেই প্ৰশ্নটো আছিল- ৰাম-ৰাবণৰ যুদ্ধত মৃত্যুশয্যাত থকা লক্ষণৰ বাবে সঞ্জীৱনী বুটি কোনে আনি দিছিল।
বহু পুৰণি সেই অনুষ্ঠানটোৰ নতুনকৈ উলিয়াই মুকেশ খান্নাই সোনাক্ষীক ট্ৰোল কৰাৰ লগতে শত্ৰুঘ্ন সিন্হাৰ সন্তানৰ সংস্কাৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। সন্তান ভালদৰে ৰামায়ণ নিশিকালে বুলি মন্তব্য কৰে মুকেশ খান্নাই।
পিতৃৰ ওপৰত তেনে মন্তব্য কৰাত ক্ৰোধান্বিত হৈ পৰে সোনাক্ষি। যাৰ বাবে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে লিখে-
ভুল হোৱাটো ডাঙৰ কথা নহয়। মানুহ মাত্ৰেই ভুল হয়। পাহৰি যোৱাটোও কোনো ডাঙৰ কথা নহয়। কেবিচিৰ মঞ্চত সেই সময়ত মোৰ সৈতে থকা আন দুগৰাকী মহিলাইয়ো পাহৰি গৈছিল কোনো সঞ্জীৱনী আনিছিল। কিন্তু সেই ভুলৰ বাবে ইমান ডাঙৰ দোষ কাৰোবাৰ ওপৰত জাপি দিয়াটো অনুচিত।
লগতে ইয়াকো কয় যে, – ৰামে ক্ষমা কৰি দিয়াৰ ওপৰত বিশ্বাস ৰাখিছিল। মন্থৰা, কৈকয়ী আনকি ৰাৱণকো যুদ্ধৰ অন্তত ক্ষমা কৰি দিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ