শোণিতপুৰত ভয়ংকৰ দুৰ্ঘটনা, একে পৰিয়ালৰে ৩জনে হেৰুৱালে প্ৰাণ
কালি ২৬ মাৰ্চ তাৰিখে এক ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গ’ল ৰাজ্য। একে পৰিয়ালৰে ৩জন লোকৰ কৰুণ মৃত্যু।
শোণিতপুৰত সংঘটিত হৈছে এই ঘটনা। জিলাখনৰ বৰপাট নামৰ গাঁৱত এই ভয়ংকৰ পথ দুৰ্ঘটনা।
দুর্ঘটনাটোত ঘটনাস্থলীতে দুগৰাকী মহিলাসহ ৩জন লোকে একেলগে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাৰ সময়ত বাহনখনত আছিল ৫ লোক।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, এখন টাটা ছুম’ বাহনত গৈ আছিল একেটা পৰিয়ালৰ ৫সদস্য। কিন্তু হঠাতে বাহনখনে পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে টাটা ছুম’ বাহনে।
দুৰ্ঘটনাটোত পৰিয়ালটোৰ দুগৰাকী মহিলা আৰু বাহনৰ চালকৰ আসনৰ থকা লোকগৰাকীৰ মৃত্যু হয়। মৃত এগৰাকী মহিলা তিনিচুকীয়াৰ সতী চেৰপা। চালকৰ আসনত থকাজনৰ নাম লাবু চাং। পাছে আন এগৰাকী মহিলাৰ উদ্ধাৰ হোৱা নাই পৰিচয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ