অসম লাইভ ২৪ঃ অৱশেষত আয়কৰ বিভাগৰ জালত অভিনেতা ছনু ছুড৷ ছনু ছুড বিৰুদ্ধে ২০ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ আয়কৰ বিভাগৰ৷ ৪৮ ঘণ্টাজোৰা অভিযানৰ অন্তত আয়কৰ বিভাগৰ হাতত পৰে কেতবোৰ আপত্তিজনক তথ্য৷ বুধবাৰৰ পৰা অভিনেতাগৰাকীৰ মুম্বাইৰ বাসগৃহত তালাচী চলাইছিল আয়কৰ বিভাগে৷ ইয়াৰ উপৰি অভিনেতাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে Foreign contribution (regulation) act উলংঘনৰ অভিযোগ৷ ছনু ছুডৰ সহায়কাৰী সংস্থাই বিদেশী দাতাৰ পৰা ২.১ কোটি টকাৰ অবৈধ পুঁজি সংগ্ৰহ কৰিছে৷ যিসমূহ FCRA আইন উলংঘন কৰি ক্ৰউড ফাণ্ডিং প্লেটফৰ্মৰ জৰিয়তে সংগ্ৰহ কৰিছে৷ সম্প্ৰতি আয়কৰ বিভাগে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ছনু ছুডৰ বিৰুদ্ধে৷ IT বিভাগৰ তথ্য অনুসৰি ছনু ছুড আৰু তেওঁৰ সহযোগীয়ে প্ৰায় ২০ কোটিৰ অধিক টকাৰ কৰ ফাঁকি দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ