• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তৃণমূল কংগ্ৰেছত যোগদান বাবুল সুপ্ৰিয়ৰ, বংগত অধিক শক্তিশালী হ’ল মমতা  

তৃণমূল কংগ্ৰেছত যোগদান বাবুল সুপ্ৰিয়ৰ, বংগত অধিক শক্তিশালী হ’ল মমতা  

5 years ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

54 minutes ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

2 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

2 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

3 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

5 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

5 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

5 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

7 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

7 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

8 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তৃণমূল কংগ্ৰেছত যোগদান বাবুল সুপ্ৰিয়ৰ, বংগত অধিক শক্তিশালী হ’ল মমতা  

ৰাষ্ট্ৰীয় ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ

editor by editor
September 18, 2021 - Updated on September 19, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
তৃণমূল কংগ্ৰেছত যোগদান বাবুল সুপ্ৰিয়ৰ, বংগত অধিক শক্তিশালী হ’ল মমতা  
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাষ্ট্ৰীয় ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ৷ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই বিজেপি ত্যাগ কৰি যোগদান কৰে তৃণমূল কংগ্ৰেছত৷ TMC নেতা অভিষেক বেনাৰ্জী আৰু derek o’brienৰ উপস্থিতত TMCত যোগদান কৰে সুপ্ৰিয়ই৷ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ মন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ দুমাহ পাছতে এই সিদ্ধান্ত সুপ্ৰিয়ৰ৷ সংবাদ মাধ্যমত বাবুল সুপ্ৰিয়ই আজি কয়- ‘যদি আপোনাৰ হাতলৈ সুবিধা আহে, আপুনি সিদ্ধান্ত লোৱা উচিত, মই এই সুযোগ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল’লোঁ৷’ তৃণমূল কংগ্ৰেছ নেতা কুনাল ঘোষে কয় যে ‘বহু বিজেপি নেতাই তৃণমূল কংগ্ৰেছেৰে আলোচনা অব্যাহত ৰাখিছে৷ তেওেঁলোক বিজেপিক লৈ সন্তুষ্ট নহয়৷ এওঁলোকৰে এজন বাবুল সুপ্ৰিয়ই আজি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে৷ কাইলৈ আৰু এগৰাকী দিগ্বজ বিজেপি নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব৷ এই প্ৰক্ৰিয়া চলি থাকিব৷ অপেক্ষা কৰক আৰু চাই থাকক৷’

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ৰ কনিষ্ঠ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত দুমাহ পূৰ্বে বাবুল সুপ্ৰিয়ক মন্ত্ৰীপদ ত্যাগ কৰিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই নিৰ্দেশ দিছিল৷ জুলাইত মোদী মন্ত্ৰীসভাত ৪৩ খন নতুন মুখৰ অন্তৰ্ভুক্তি হৈছিল৷ ৮ জুলাইত মন্ত্ৰীপদ ত্যাগ কৰি বাবুল সুপ্ৰিয়ই টুইট কৰিছিল- ‘নিশ্চিতভাৱে মই মোৰবাবে দুখ অনুভৱ কৰিছোঁ৷’ অৱশ্যে কিছু পাছতে এই পোষ্টটো delete কৰি ইয়াৰ ঠাইত আন এটা পোষ্ট দিছিল সুপ্ৰিয়ই৷ নতুন পোষ্টটোত সুপ্ৰিয়ই লিখিছিল- ‘মই যথেষ্ট সুখী, কাৰণ দুৰ্নীতিৰ এটাও দাগ নোহোৱাকৈ দায়িত্বৰ পৰা অব্যাহতি ল’ব পাৰিলোঁ৷’

উল্লেখযোগ্য যে ২০১৯ৰ নিৰ্বাচনত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা TMC প্ৰধান মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰিছিল সুপ্ৰিয়ই৷ বিজেপিয়ে জয় শ্ৰীৰাম ধ্বনি দিয়াক লৈ মমতা বেনাৰ্জীয়ে গেৰুৱা বাহিনীক সমালোচনা কৰি কৈছিল যে বিজেপিয়ে ধৰ্ম আৰু ৰাজনীতিক সানমিহলি কৰি পশ্চিমবংগত অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিবলৈ লৈছে৷ এইখিনিতে মমতা বেনাৰ্জীক সমালোচনা কৰি বাবুল সুপ্ৰিয়ই কৈছিল যে মমতা বেনাৰ্জী এগৰাকী অভিজ্ঞ ৰাজনীতিক, কিন্তু তেওঁৰ আচৰণ অস্বাভাৱিক৷ এনেদৰে বিভিন্ন সময়ত মমতা বেনাৰ্জীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছিল বাবুল সুপ্ৰিয়৷

এই ধৰণৰ ঘটনা প্ৰবাহে এটা কথা সূচাইছে যে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মঞ্চত ‘ফেডাৰেল ফ্ৰণ্ট’ শক্তিশালী হোৱাৰ পথত৷ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ নেতৃত্বত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি, লালুপ্ৰসাদ যাদৱ-পুত্ৰ তেজস্বী যাদৱ নেতৃত্বাধীন আৰ জে ডি আদি দল একেখন মঞ্চত একত্ৰিত হৈছে৷ অসমৰ ৰাইজৰ দলেও ‘ফেডাৰেল ফ্ৰণ্ট’ত যোগদান কৰিছে৷ উত্তৰ ভাৰতৰ কেইবাটাও ৰাজনৈতিক দল শীঘ্ৰেই ‘ফেডাৰেল ফ্ৰণ্ট’ত যুক্ত হোৱাৰ পথত৷ অনুৰূপভাৱে দাক্ষিণাত্যৰ কেইবাটাও দল ‘ফেডাৰেল ফ্ৰণ্ট’লৈ শীঘ্ৰে ঢাপলি মেলাৰ কথা৷ ইতিমধ্যে trs প্ৰধান তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে দাক্ষিণাত্যত নেতৃত্ব লৈছে৷ dmk প্ৰধান তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী m k stalinও শীঘ্ৰে ফেডাৰেল ফ্ৰণ্টেৰে যুক্ত হোৱাৰ কথা৷ ভাৰতীয় জাতীয় কংগ্ৰেছো এই মঞ্চখনৰে আন এক অন্যতম দল হোৱাৰ পূৰ্ণ সম্ভাৱনা৷ আন বহুবোৰ সৰু-বৰ দলো ফেডাৰেল ফ্ৰণ্টৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amit-shahasom live 24assam live 24axom live 24babul supriyocurrent indian political updatederek o’brienmamata banerjeenarendra-modiprashanta kishorerecent political newstmctmc news update
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা
ভাৰত

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

October 14, 2026
Next Post
SpaceX’s Inspiration4 mission splashes down safely in Atlantic Ocean

SpaceX’s Inspiration4 mission splashes down safely in Atlantic Ocean

45th GST Council meeting- GST rates revised for many goods

45th GST Council meeting- GST rates revised for many goods

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.