কাইলৈ ১৩ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ’ল SOP
মানিব লাগিব ১০টাকৈ নিয়ম।
পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাধ্যত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা বলবৎ হ’ব। পৰীক্ষাৰ সময়চোৱাত এই স্থানত আন কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ হ’ব।
শিক্ষা বৰ্ডৰ বিশেষ কন্ট্ৰ’ল ৰুমৰ পৰা পৰীক্ষা কেন্দ্ৰৰ CCTV সমূহ অহৰহ নিৰীক্ষণত ৰাখিব।
প্ৰতিটো স্পৰ্শকাতৰ কেন্দ্ৰতে সষ্টম থাকিব আৰক্ষী CRPF বাহিনী।
পৰীক্ষা হ’লৰ ১০০ মিটাৰ দূৰত্বলৈকে প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ বাবে।
২০০ মিটাৰ দূৰত্বলৈকে বজাব নোৱাৰিব কোনো ধৰণৰ লাউড স্পীকাৰ। লাউড স্পীকাৰত গান বজালেই বিপদত পৰিব।
পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰে জড়িত ব্যক্তিৰ বাহিৰে আন কোনো লোক পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব।
পৰীক্ষাগৃহৰ পৰা ১০০ মিটাৰ দূৰত্বলৈকে কোনো লোক জুম বান্ধি থাকিব নোৱাৰিব। পৰীক্ষাগৃহৰ বাউণ্ডেৰীত সোমাবলৈও ল’ব লাগিব অনুমতি। অনুমতি অবিহনে কোনো ব্যক্তিয়েই পৰীক্ষাগৃহৰ বাউণ্ডেৰীত প্ৰৱেশ কৰিব নোৱাৰিব।
বাহিৰা লোকৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ ঘোষণা।
পৰীক্ষা হ’ললৈ কোনো পৰীক্ষাৰ্থীয়ে অনুমতিবিহীন সামগ্ৰী লগত লৈ যাব নোৱাৰিব।
কোনো পৰীক্ষাৰ্থীয়ে ইলেক্ট্ৰ’নিক সামগ্ৰী পৰীক্ষাগৃহলৈ নিব নোৱাৰিব।
কোনো পৰীক্ষাৰ্থীয়ে লগত মোবাইল ফোন লৈ পৰীক্ষাহলত সোমাব নোৱাৰিব।
কোনো পৰীক্ষাৰ্থীয়ে লগত স্মাৰ্ট ঘড়ী আৰু কেলকুলেটৰ লৈ পৰীক্ষাগৃহত সোমাব নোৱাৰিব।
পৰীক্ষাগৃহৰ বাহিৰত অনুমতি অবিহনে পাৰ্কিং কৰাতো নিষেধাজ্ঞা জাৰি।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ১৬৩নং অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশনা জাৰি।
নিয়ম ভংগ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ।
মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ গোলাঘাট প্ৰশাসনে জাৰি কৰিলে এই SOP।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ