অসম লাইভ ২৪ঃ ২০২১ বৰ্ষৰ সন্মানীয় বুকাৰ বঁটা লাভ কৰে দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক ডেমন গলগুটে৷ ‘দ্য প্ৰমিজ’ শীৰ্ষক উপন্যাসৰ বাবে ঔপন্যাসিক আগবঢ়োৱা হয় বুকাৰ বঁটা৷ সাহিত্য ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিৰল দক্ষতাৰ বাবে প্ৰতিবছৰে আয়াৰলেণ্ড আৰু কমনৱেল্থ দেশৰ সাহিত্যিকক প্ৰদান কৰা হয় এই বঁটা৷ বৃহস্পতিবাৰে নিশা লণ্ডনত টেলিভিছাইড ছেৰিমনিৰ জৰিয়তে বঁটা গ্ৰহণ কৰে ডেমন গলগুটে৷ বুকাৰ বঁটা লাভ কৰাৰ পূৰ্বে গলগুটে কমনৱেলথ ৰাইটাৰ্ছ বঁটা আৰু বেৰি ৰঞ্জ ফিকচন প্ৰাইজ লাভ কৰিছিল৷ লণ্ডনত বুকাৰ বঁটা গ্ৰহণ কৰি ৫৭ বছৰীয়া ঔপন্যাসিকগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ ঔপন্যাসিকৰ উপৰিও নাট্যকাৰ হিচাপে এটি সুকীয়া পৰিচয় আছে ডেমন গলগুটৰ৷ তেওঁ ৰচনা কৰা নাটককেইখন হৈছে— ইক’জ অৱ এংগাৰ, পাৰ্টী ফৰ মাদাৰ, এলাইভ এণ্ড কিকিং আৰু দ্য গ্ৰীনছ কীপাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ