কেবিনেটৰ বিশেষ বৈঠক- গাঁওবুঢ়া, উদাসীন ভকত, অংগনবাড়ী কৰ্মী, সহায়িকা আদিলৈ সুখবৰ
১০ জুলাই আজি বৃহস্পতি বাৰে অনুষ্ঠিত হয় কেবিনেটৰ বিশেষ বৈঠক। এই বৈঠকত ৰাজ্য চৰকাৰে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সংবাদ মাধ্যমৰ আগত সবিশেষ দাঙি ধৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজিৰ বৈঠকৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে গাঁওবুঢ়া, উদাসীন ভকত, অংগনবাড়ী কৰ্মী, সহায়িকা আদিক লৈ।
বৃদ্ধি পালে গাঁও প্ৰধানসকলৰ দৰমহা, গাঁও প্ৰধানসকলৰ দৰমহা বৃদ্ধি৷ ৯ হাজাৰ পৰা ১৪ হাজাৰ টকা লাভ কৰিব দৰমহা৷
আনহাতে, সত্ৰৰ উদাসীন ভকতসকলে ১৫শ টকাকৈ লাভ কৰিব৷ লগতে শিশু উদাসীন ভকতসকলেও এই সুবিধা লাভ কৰিব৷
লাখ লাখ অংগনবাড়ী কৰ্মী-সহায়িকাৰ দৰমহা বৃদ্ধি। ৮০০০টকালৈ বৃদ্ধি হ’ল অংগনবাড়ী কৰ্মীৰ দৰমহা। ৰাজ্য চৰকাৰে ২০০০টকাকৈ বৃদ্ধি কৰিলে কৰ্মীসকলৰ দৰমহা
কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলি সৰ্বমুঠ ৮০০০টকা দৰমহা পাব অংগনবাড়ী কৰ্মী সকলে।
একেদৰে অংগনবাড়ী সহায়িকাৰো বৃদ্ধি পালে দৰমহা। এতিয়াৰে পৰা অংগনবাড়ী সহায়িকাই লাভ কৰিব ৪০০০টকা। ৰাজ্য চৰকাৰে সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিলে ৭৫০টকা দৰমহা।
পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দিছিল ২২৫০, ৰাজ্য চৰকাৰে ১০০০টকাকৈ দিছিল সহায়িকাক। এতিয়া ১৭৫০ টকা পাব ৰাজ্য চৰকাৰৰ পৰা, কেন্দ্ৰীয় চৰকাৰে দিব ২২৫০টকা।
ইফালে, সৰ্থেবাৰীৰ কাহ ব্যৱসায়ী সকলে SGST ৰেহাই পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















