মৰমৰ ছাত্ৰীক চুমা দি বিপদ, হাস্পতালত ভৰ্তি প্ৰধান শিক্ষক
ছাত্ৰীৰ ওপৰত হৈ থকা নিৰ্যাতন এতিয়া একপ্ৰকাৰ নিত্য নৈমিত্তিক হৈ পৰিছে। পুনৰ অসমৰে এক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এই নিৰ্লজ কাণ্ড। মৰমৰ ছাত্ৰীক চুমা দিবলৈ গৈ বিপদ চপাই লৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষকে।
ছাত্ৰীগৰাকীৰ পৰিয়ালে ঘটনা সম্পৰ্কে জানিব পৰাৰ লগে লগে শ শ লোকেৰে ভৰি পৰে বিদ্যালয় চৌহদ। এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ বহুৱানত। ৰসালডুবি হাইস্কুল নামৰ বিদ্যালয়খনত সংঘটিত হৈছে এই ঘটনা।
ঘটনাৰ বিষয়ে জনাৰ লগে লগে ঘটনাস্থলীত গোৱালপাৰা আৰক্ষী উপস্থিত হয় যদিও আৰক্ষীক দেখা মাত্ৰেই পৰিস্থিতি শাম কটাৰ বিপৰীতে আৰু উগ্ৰ হৈ পৰে। উগ্ৰ হৈ পৰা লোকে বিদ্যালয়খনত অভিযুক্ত প্ৰধান শিক্ষকগৰাকীক প্ৰহাৰ কৰাৰ লগতে আৰক্ষীৰো বাহনত আক্ৰমন চলাই, যাৰ ফলত বাহনৰ গ্লাছ ভাঙি পৰে।
আৰক্ষীয়ে কোনোমতে উত্তপ্ত পৰিস্থিতি শাম কটাৰ বাবে লাঠিচাৰ্জ কৰি উগ্ৰ লোকৰ দলক চত্ৰভংগ দিয়াই লগতে অভিযুক্ত প্ৰধানশিক্ষকক নিজৰ জিম্মালৈ নিয়ে। পাছে উপস্থিত লোকৰ প্ৰহাৰত আহত হোৱাত হাস্পতাললৈ প্ৰেৰণ কৰিব লগা হয়।
ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও বহুৱান অঞ্চল শান্ত হোৱা নাই। স্থানীয় লোকৰ ভাষ্য অনুসৰি ছাত্ৰীগৰাকীক বেয়া ব্যৱহাৰ কৰিছিল প্ৰধান শিক্ষকগৰাকীয়ে। আনহাতে সেই বিদ্যালয়ৰে আন শিক্ষকে জনোৱা মতে, এনে এক পৰিতাপৰ ঘটনা এয়ে প্ৰথম আছিল বিদ্যালয়খনত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ