অসম লাইভ২৪ঃ মহানগৰীৰ পল্টন বজাৰৰ এখন হোটেলত চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকাৰ সৈতে কাজিয়াৰ পাছতেই নিজকে শেষ কৰিলে প্ৰেমিকে! আত্মহত্যাৰ পূৰ্বে প্ৰেমিকাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল অৰিজিৎ নামৰ যুৱকজনে। কাজিয়াৰ পৰিণতিতেই আত্মহত্যাৰ দৰে চৰম পথ বাচি লয় অৰিজিতে। বুধবাৰে পুৱতিনিশা প্ৰায় ২.৩০ মিনিটত পল্টন বজাৰৰ বৃন্দাবন হোটেলত সংঘটিত হৈছে এই ঘটনা।
অৰিজিৎ ডেকা নামৰ সৰ্থেবাৰীৰ এজন যুৱকে হোটেলখনৰ ২০২ নম্বৰ কোঠাত চিলিং ফেনত নিজৰ বেল্টেৰে চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যা কৰাৰ সময়ত যুৱকজনৰ লগত তেওঁৰ প্ৰেমিকাও আছিল। আত্মহত্যাৰ পূৰ্বে প্ৰেমিকাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল অৰিজিৎ। সেই কাজিয়াৰ পৰিণতিত আত্মহত্যাৰ দৰে চৰম পথ বাচি লয় অৰিজিতে। অৰিজিতে এই পথ বাচি লোৱাৰ কথা ফোনযোগে তেওঁৰ জ্যেষ্ঠ ভগ্নীক অৱগত কৰে অৰিজিতৰ প্ৰেয়সীয়েই।
ঘটনাৰ প্ৰায় কিছুসময়ৰ পিছতেই অৰিজিতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে অৰিজিতক মৃত বুলি ঘোষণা কৰে। ইফালে, নিশা সংঘটিত হোৱা এই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে বৃন্দাবন হোটেল কৰ্তৃপক্ষই। আত্মহত্যা নহয়, অসুস্থতাৰ পৰিপ্ৰেক্ষিতত মুৰ্মূষু অৱস্থাত পৰিয়ালৰ লোকে অৰিজিতক চিকিৎসালয়লৈ নিয়া বুলি দাবী কৰিছে হোটেল কৰ্তৃপক্ষই।
উল্লেখ্য যে, হোটেল কৰ্তৃপক্ষৰ মতে বিগত ১০ অক্টোবৰত প্ৰেমিকাৰ সৈতে অৰিজিতে বুক কৰিছিল হোটেলখনৰ ২০২ নম্বৰ কোঠাটো। প্ৰেমিকাৰ সৈতে ৩ দিন ধৰি হোটেলখনতে আছিল অৰিজিৎ। সম্প্ৰতি পল্টন বজাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ