অসম লাইভ২৪ঃ ‘জেকলিন ফাৰ্নাণ্ডেজ একেবাৰেই নিৰ্দোষী৷ ২০০ কোটিটকীয়া কেলেংকাৰীৰ সৈতে জেকলিনৰ কোনো সম্পৰ্কই নাই৷ জেকলিনৰ সৈতে যদি সম্পৰ্ক আছিল সেই সম্পৰ্ক কেৱল প্ৰেমৰ৷ প্ৰেয়সীক উপহাৰনো কোনে নিদিয়ে?’ জেলৰ ভিতৰৰ পৰাই জেকলিনৰ নিৰ্দোষিতাৰ প্ৰমাণৰ বাবেই সুকেশ চন্দ্ৰশেখৰে দিছে বিশেষ চিঠি৷
সুকেশে দিয়া চিঠিত লিখিছে, ‘ জেকলিন নিৰ্দোষী৷ ভালপাও বাবেই তাইক উপহাৰ দিছিলো৷ প্ৰেমৰ সম্পৰ্কত প্ৰেমিকে উপহাৰ দিলে প্ৰেয়সীয়ে লোৱাটো জানো অপৰাধ?’ কাৰাগাৰৰ পৰাই সুকেশে এই চিঠি দিয়াৰ পিছতেই পুনৰবাৰ চৰ্চাৰ আওঁতালৈ আহিছে জেকলিন৷
উল্লেখ্য যে, ২০০ কোটিটকীয়া গোচৰত জেকলিনৰ অন্তৱৰ্তীকালিন জামিনৰ ম্যাদ বঢ়াই দিয়া হৈছে৷ আগন্তুক ১০ নৱেম্বৰত জেকলিনৰ জামিনৰ মূল আবেদন আৰু অন্যান্য সমূহ আবেদনৰ শুনানি দিয়া হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ