বিলাসী জীৱনৰ অন্ত পৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আছে চুমি আৰু তাৰ্কিক৷
ভায়েকে দিয়া নামী-দামী সকলো উপহাৰ এৰি একেবাৰেই সাধাৰণ জীৱন চুমিৰ৷
খালী হাতে কাৰাগাৰত থকা চুমিৰ বাহিৰত আছে অজস্ৰ সম্পদ৷
গণি শেষ নোহোৱা সম্পত্তিৰ সৈতে আছে কোটি কোটি টকাৰ গহনাও৷
ভায়েক বিশালে উপহাৰ দিয়া ৭৫লাখ টকীয়া হীৰাৰ আঙঠিও নাই চুমিৰ হাতত৷
আৰক্ষীয়ে বিচাৰি ফুৰিছে চুমিয়ে প্ৰৱঞ্চনাৰ ধনেৰে ক্ৰয় কৰা সকলো সম্পদ৷
শেহতীয়াকৈ আৰক্ষীৰ হাতত পৰিছে চুমিয়ে প্ৰৱঞ্চনাৰ ধনেৰে ক্ৰয় কৰা দামী দামী গহনা৷
চুমি আৰু তাৰ্কিক বৰাৰ আটাইকেইটা ঘৰতেই আৰক্ষীৰ দলে চলাইছে তদন্ত৷
চুমি বৰাৰ ৭৫ লাখ টকীয়া চৰ্চিত হীৰাৰ আঙঠিটো উদ্ধাৰ কৰিছে অভিযানকাৰী SITদলে৷
গুৱাহাটীৰ ঘোৰামৰাস্থিত তাৰ্কিকৰ ঘৰৰ পৰা আৰক্ষীৰ দলে উদ্ধাৰ কৰিছে বিশেষ আঙঠিটো৷
আঙঠিৰ সৈতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে দামী দামী বহু অলংকাৰো৷
প্ৰায় ৪কোটি টকাৰ অলংকাৰ আৰক্ষীয়ে জব্দ কৰিছে চুমি তাৰ্কিকৰ বিশেষ ফ্লেটৰ পৰা৷
ইফালে পাথৰকুৱেৰিস্থিত ঘৰৰ পৰাও আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাখনো বাহন৷
বিলাসী দুখনকৈ বাহন আৰু অলংকাৰ সকলোবোৰ আৰক্ষীয়ে প্ৰেৰণ কৰিছে ডিব্ৰুগড়লৈ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ