নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে৷ যাৰ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ আগন্তুক ফেব্ৰুৱাৰী মাহত সূৰ্য আৰু মঙলসহ চাৰি গ্ৰহই নিজৰ অৱস্থান সলনি কৰিব৷ আগন্তুক ৪ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰপাছত ১১ ফেব্ৰুৱাৰীত শনিৰ ৰাশি কুম্ভত গোচৰ কৰিব বুধে৷ ঠিক ইয়াৰ এদিন পাছতেই ১২ ফেব্ৰুৱাৰীত সূৰ্যই প্ৰৱেশ কৰিব কুম্ভত৷ ইয়াৰ ফলত কুম্ভ ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ ইয়াৰেই শনিয়েও অৱস্থান কৰিব৷ বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ৷ ইয়াৰ পাছতেই বৃষ ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে৷ আকৌ নিজৰ স্থান সলনি কৰি মীন ৰাশিত যাব বুধ৷ আকৌ এই সকলো গ্ৰহৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱত লাভৱান হ’ব ৫ৰাশি৷ আপুনিও আছে নেকি এই তালিকাত?
মেষ ৰাশি
ফেব্ৰুৱাৰী মাহত সাফল্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ উচ্চশিক্ষাৰ সুযোগ পাব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ চাকৰিত পদোন্নতিৰ সুযোগ পাব৷ পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷
মিথুন ৰাশি
শীঘ্ৰেই মিথুন ৰাশিৰ সুদিন উভতি আহিব৷ দাম্পত্য জীৱনৰ সমস্যা দূৰ হ’ব৷ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব৷ অফিচত কামৰ প্ৰশংসা পাব৷ কৰ্মক্ষেত্ৰত এইবাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ ব্যৱসায়ত ডাঙৰ চুক্তি কৰিব পাৰে৷ আপোনাৰ বাবে অন্যৰ উপকাৰ হ’ব৷
কৰ্কট ৰাশি
ফেব্ৰুৱাৰী মাহত কৰ্কট ৰাশিৰ ভাগ্য উদয় হ’ব৷ ভালকৈ ভাৱিহে সিদ্ধান্ত ল’ব৷ কাৰণ গোপন শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে৷ খুব পৰিচিতসকলৰ পৰাই ঠগন খাব পাৰে৷ যিমানেই বাধা আহক, নিজৰ বুদ্ধিমত্তাত আপুনি সকলো পৰিস্থিতি জয় কৰিব পাৰিব৷ স্বাস্থ্যৰ উন্নতি হ’ব৷
সিংহ ৰাশি
চাৰি গ্ৰহৰ স্থান সলনি সিংহ ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ সমাজত খ্যাতি আৰু প্ৰতিপত্তি বাঢ়িব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি পোৱাৰ যোগ আছে৷ দাম্পত্য জীৱনত সুখ থাকিব৷
কুম্ভ ৰাশি
ফেব্ৰুৱাৰী মাহত নানান দিশৰ পৰা লাভৱান হ’ব কুম্ভ ৰাশিৰ জাতক৷ পৰিয়ালত কোনো বিবাদ হ’লে সেয়া দূৰ কৰিবলৈ চেষ্টা কৰক৷ আয়ৰ নতুন উৎস মুকলি হ’ব৷ চাকৰি ব্যৱসায়ত উন্নতিৰ সুযোগ আহিব৷ সংগীৰ সৈতে ভাল সময় কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ