অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ অনুসৰি প্ৰতিটো গ্ৰহে নিৰ্দিষ্ট সময়ৰ অন্তৰালত নিজৰ স্থান সলনি কৰে। গ্ৰহৰ এই গোচৰৰ কাৰণে বিভিন্ন ৰাশিত কেতিয়াবা শুভ প্ৰভাৱ পৰে, আৰু কেতিয়াবা অশুভ প্ৰভাৱ পৰে। ইয়াৰফলত বহুসময়ত কেতিয়াবা একেটা ৰাশিতে একাধিক গ্ৰহ মিলিত হয়। এনে এটা যুঁটিয়েই তৈয়াৰ হ’ব আগন্তুক ১৭ ছেপ্টেম্বৰ দেওবাৰে। সেইদিনা কন্যা ৰাশিত মিলিত হ’ব সূৰ্য আৰু মঙল। বৈদিক জ্যোতিষ অনুসৰি প্ৰতিটো গ্ৰহ নিৰ্দিষ্ট সময়ৰ অন্তৰালত নিজৰ স্থান পৰিবৰ্তন কৰে। গ্ৰহৰ পৰিবৰ্তনত কি কি ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব?
সিংহ ৰাশি
সিংহ ৰাশিৰ কোষ্ঠীত দ্বিতীয় ঘৰত মিলিত হ’ব সূৰ্য আৰু মঙল। ইয়াৰ প্ৰভাৱত হাতত নগদ অৰ্থ আহিব। ইয়াৰোপৰি দীৰ্ঘদিন ধৰি মনত পুঁহি ৰখা ইচ্ছা পূৰণ হ’ব। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব সিংহ ৰাশিৰ জাতকৰ। এই সময়ত আপোনাৰ সকলো কথাতেই মুগ্ধ হ’ব। বিদেশত ব্যৱসায় সম্প্ৰসাৰণৰ যোগ।
মকৰ ৰাশি
মকৰ ৰাশিৰ কোষ্ঠীত নৱম ঘৰত যুঁটি বান্ধিৱ সূৰ্য আৰু মঙল। ইয়াৰ ফলত ভাগ্যৰ সম্পূৰ্ণ লগ দিব। মনৰ ইচ্ছা পূৰণ হ’ব। ছাত্ৰ-ছাত্ৰীৰ বাবেও এই সময় খুবেই ভাল। আৰ্থিকভাৱে লাভৱান হ’ব মকৰ ৰাশিৰ জাতকসকল। এই সময়ত ভ্ৰমণৰো যোগ আছে।
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ কোষ্ঠীৰ একাদশ ঘৰত সূৰ্যৰ সৈতে মিলিত হ’ব মঙল। ইয়াৰ ফলত বৃশ্চিকৰ জাতকসকলে আৰ্থিকভাৱে লাভাম্বিত হ’ব। অৰ্থ আহিবলগা কামৰ সন্ধান পাব। ব্যৱসায় বাঢ়িব পাৰে। পুৰণা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব। সন্তানৰ ক্ষেত্ৰতো শুভ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ