অসম লাইভ২৪ঃ বছৰৰ শেষৰটো সূৰ্যগ্ৰহণত তৈয়াৰ হৈছিল ত্ৰিগ্ৰহী যোগ। আজি সূৰ্য, বুধ আৰু চন্দ্ৰই কন্যা ৰাশিত বিচৰণ কৰিব। এই তিনি গ্ৰহ মিলি তৈয়াৰ হ’ব ত্ৰিগ্ৰহী যোগ। বুধ কন্যা ৰাশিৰ অধিপতি। দুৰ্গা এই ৰাশিৰ দেৱী। এই পৰিস্থিতিত ত্ৰিগ্ৰহী যোগ কন্যা ৰাশিৰ জাতকৰ ওপৰত পৰিব। জ্যোতিষ গণনা অনুসৰি সূৰ্যগ্ৰহণত সৃষ্ট এই যোগত একাধিক ৰাশিৰ জাতকৰ বাবে শুভ। এই সময়ত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আহিব?
মিথুন ৰাশি
জ্যোতিষ গণনা অনুসৰি সূৰ্যগ্ৰহণত গঠিত ত্ৰিগ্ৰহী যোগ মিথুন ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। এই ৰাশিৰ জাতকে প্ৰচুৰ ধন লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আপোনাৰ জীৱনলৈ সুখ-শান্তি আহিব। ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত আপোনাৰ সন্মান বৃদ্ধি পাব। বৃহৎ সাফল্য লাভ কৰিব মিথুন ৰাশিৰ জাতকে। বিদেশ যাত্ৰাৰ সুযোগ পাব।
সিংহ ৰাশি
সূৰ্য এই ৰাশিৰ অধিপতি। আজি সূৰ্যগ্ৰহণত ত্ৰিগ্ৰহী যোগ তৈয়াৰ হ’ব। এই যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত কিছু পৰিবৰ্তন আহিব। নতুন চাকৰি লাভ কৰিব পাৰে সিংহ ৰাশিৰ জাতকে। দুৰ্গাৰ আশীৰ্বাদত এই ৰাশিৰ জাতকৰ শত্ৰু পৰাজিত হ’ব। অন্যহাতে ব্যৱসায়ীসকলৰ মনোকামনা পূৰ্ণ হ’ব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। নতুন উৎসৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে। সন্তান সুখ লাভ কৰিব।
তুলা ৰাশি
সূৰ্য, চন্দ্ৰ আৰু বুধৰ যুঁটিৰ ফলত সৃষ্ট ত্ৰিগ্ৰহী যোগত তুলা ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব। সমাজত মান সন্মান বাঢ়িব তুলা ৰাশিৰ জাতকৰ। কেৰিয়াৰৰ বাবেও এই সময় শুভ। ইচ্ছামতে সাফল্য পাব। ধন বৃদ্ধ হ’ব। পদোন্নতিৰ প্ৰৱল সম্ভাৱনা।
বৃশ্চিক ৰাশি
এই ত্ৰিগ্ৰহী যোগ বৃশ্চিক ৰাশিৰ জাতকৰ বাবে ভাগ্যৰ দ্বাৰ উন্মুক্ত কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সাফল্য অৰ্জন কৰিব পাৰিব। চাকৰি আৰু ব্যৱসায়ত অসাধাৰণ ফলাফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















